চাঞ্চল্যকৰ! পত্নীহত্যাৰ অভিযোগত গ্ৰেপ্তাৰ স্বামীৰ আৰক্ষীৰ জিম্মাতে মৃত্যু, একেলগে জ্বলিল স্বামী-স্ত্ৰীৰ চিতা…

নিউজ ডেস্কঃ পত্নীক নৃশংসভাৱে হত্যা কৰাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষী জিম্মাতে হত্যাকাৰী স্বামীৰ মৃত্যু ঘটা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰঙিয়াত।

উল্লেখ্য যে, ৰঙিয়াৰ সৌৰামূৰী নপাৰা চুবুৰীৰ বাসিন্দা সমীন দাস (৫৭) নামৰ ব্যক্তিজনে সোমবাৰে নিজৰ ঘৰৰ কোঠাত দুৱাৰ বন্ধ কৰি নৃশংসভাৱে হানি খুচি হত্যা কৰিছিল পত্নী ভৱানী দাস (৪৮)ক।

এই হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহৰ কাষতে অৰ্ধচেতন হৈ শুই থকা সমীন দাসক পৰৱৰ্তী সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰঙিয়া চিভিল হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱাই নিজৰ জিম্মাত ৰাখে।

কিন্তু আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিশা প্ৰায় ৩ মান বজাত হঠাৎ অসুস্থ হৈ পৰে সমীন দাস।

লগে লগে তেওঁক ৰঙিয়া চিভিল হাস্পতাললৈ নিয়া হয় যদিও তাৰ পৰা উন্নত চিকিৎসাৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

কিন্তু তাত চিকিৎসকে মৃত ঘোষণা কৰে ব্যক্তিজনক।

জানিব পৰা মতে, হত্যাৰ পিছত চলোৱা তালাচীৰ সময়ত হত্যাকাণ্ড সংঘটিত হোৱা কোঠাত এটা কীটনাশকৰ খালী বটল উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।

এনে পৰিপ্ৰেক্ষিতত সমীন দাসে পত্নীক হত্যা কৰি নিজে কীটনাশক দ্ৰব্য সেৱন কৰি অসুস্থ হৈ পৰাৰ সন্দেহ কৰিছে একাংশই।

কিন্তু ইয়াৰ পিছতো আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱা এজন ব্যক্তিৰ কিদৰে আৰক্ষীৰ জিম্মাত মৃত্যু ঘটিল তাক লৈও সৃষ্টি হৈছে চাঞ্চল্যৰ।

আৰক্ষীয়ে পত্নী ভৱানী দাসৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত পৰিয়ালক একেলগে চমজাই দিয়ে স্বামী-স্ত্ৰীৰ মৃতদেহ।

পিছত মঙলবাৰে পৰিয়ালৰ লোকে একে সময়তে দুখন চিতাত স্বামী-স্ত্ৰীহালৰ মৃতদেহ সৎকাৰ কৰে।