অসমীয়াঅসম

সকাহ! ২০১৭ৰ শ্বেতা হত্যাকাণ্ডত হত্যাকাৰী গোৱিন্দ সিংঘালক মৃত্যুদণ্ডৰ শাস্তিৰ পৰা ৰেহাই আদালতৰ…

নিউজ ডেস্কঃ ২০১৫ চনৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰি মেধাৰ পৰিচয় দিছিল এগৰাকী ছাত্ৰীয়ে। তেওঁৰ নামেই আছিল শ্বেতা আগৰৱাল।

গুৱাহাটীৰ কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰী শ্বেতা হত্যাৰ বলি হৈছিল ২০১৭ চনৰ ৪ ডিচেম্বৰত।

image 80

প্ৰেমিক গোৱিন্দ সিংঘালৰ ভৰলুমুখস্থিত বাসগৃহৰ বাথৰুমত অৰ্ধদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল মেধাৱী ছাত্ৰীগৰাকীৰ মৃতদেহ।

ৰাজ্য জোকাৰি যোৱা এই লোমহৰ্ষক হত্যাকাণ্ডৰ সন্দেহৰ আৱৰ্তত সোমাই পৰিছিল প্ৰেমিক গোৱিন্দ সিংঘাল আৰু তেওঁৰ মাতৃ-ভগ্নী।

আৰক্ষীয়ে ক্ষীপ্ৰ গতিৰে তদন্ত চলাই তিনি অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰিছিল চাৰ্জশ্বীট।

image 81

২০১৯ৰ ৩ আগষ্টত আদালতে প্ৰদান কৰিছিল এই গোচৰৰ চূড়ান্ত ৰায়।

নিম্ন আদালতে গোৱিন্দ সিংঘালক দোষী সাব্যস্ত কৰি বিহিছিল ফাঁচীৰ শাস্তি।

অৱশ্যে এই হত্যাকাণ্ডৰ পৰা দোষমুক্ত কৰা হৈছিল মাতৃ কমলা দেৱী আৰু ভগ্নী ভৱানী সিংঘালক।

কিন্তু নিম্ন আদালতৰ এই ৰায়ক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাই হত্যাকাণ্ডৰ ৬ বছৰ পিছত মৃত্যুদণ্ডৰ শাস্তিৰ পৰা ৰেহাই পালে হত্যাকাৰী গোৱিন্দ সিংঘালে।

image 82

উচ্চ ন্যায়ালয়ে শ্বেতা হত্যাকাণ্ড গোচৰৰ পুনৰ শুনানি গ্ৰহণৰ বাবে নিম্ন আদালতক নিৰ্দেশ দিয়াৰ পিছত বুধবাৰে অধিৱেশন আদালতে পূৰ্বৰ মৃত্যুদণ্ডৰ শাস্তিৰ পৰা ৰেহাই প্ৰদান কৰে গোৱিন্দ সিংঘালক।

ন্যায়ালয়ৰ এই নতুন ৰায়ক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

সমান্তৰালভাৱে মৃত্যুদণ্ডৰ শাস্তিৰ পৰা গোৱিন্দই ৰেহাই পোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে শ্বেতাৰ পৰিয়ালেও।