চাইকেল চলাওকঃ ৩ গৰাকী অসম আৰক্ষী বিষয়াই কৰি ফুৰিছে আহ্বান

নিউজ ডেস্কঃ প্ৰায় প্ৰতিদিনে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য।

ৰাজপথত অত্যাধিক যান-বাহনৰ চলাচলে সৃষ্টি কৰিছে শব্দ, বায়ু প্ৰদূষণ।

সহজ যাত্ৰা কৰিবলৈ গৈ মানুহে প্ৰকৃৃতিৰ ক্ষতি কৰাৰ লগতে ক্ষতি কৰিছে নিজৰ শৰীৰৰো। ইটো-সিটো নানান ৰোগত এতিয়া আক্ৰান্ত হৈছে মানুহ।

280036766 2952826281675098 2878219513416810068 n
চাইকেল চলাওকঃ ৩ গৰাকী অসম আৰক্ষী বিষয়াই কৰি ফুৰিছে আহ্বান 6

এনে পৰিপ্ৰেক্ষিতত চাইকেল চলোৱাটো পৰিৱেশ আৰু স্বাস্থ্যৰ প্ৰতি কিমান লাভজনক সেয়া হাতে-কামে বুজাবলৈ প্ৰয়াস কৰিছে গোলাঘাটৰ তিনিগৰাকী আৰক্ষী বিষয়াই।

সমান্তৰালভাৱে চাইকেল চলোৱাৰ প্ৰতি নৱ প্ৰজন্মক উৎসাহিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰক্ষী বিষয়া কেইগৰাকীয়ে।

279909766 2952826448341748 562180963479816077 n
চাইকেল চলাওকঃ ৩ গৰাকী অসম আৰক্ষী বিষয়াই কৰি ফুৰিছে আহ্বান 7

গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক সুনীত শৰ্মা, সৰুপথাৰৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু সৰুপথাৰ আৰক্ষী থানাৰ বিষয়া জিতুমণি ডেকাই ৰাজপথত চাইকেল চলাই চাইকেলৰ প্ৰতি যুৱ প্ৰজন্মৰ মাজত আগ্ৰহ বৃদ্ধিৰ প্ৰয়াস কৰিছে।

280066139 2952826125008447 7417619834679110083 n
চাইকেল চলাওকঃ ৩ গৰাকী অসম আৰক্ষী বিষয়াই কৰি ফুৰিছে আহ্বান 8

উল্লেখ্য যে, সততা আৰু নিষ্ঠাৰে নিজৰ দায়িত্ব সম্পন্ন কৰি অহা এই তিনিগৰাকী আৰক্ষী বিষয়াই গ্ৰহণ কৰা পদক্ষেপে এতিয়া ভূয়সী প্ৰশংসা লাভ কৰিছে গোলাঘাট বাসীৰো।

photo 2022 05 05 11 04 52
চাইকেল চলাওকঃ ৩ গৰাকী অসম আৰক্ষী বিষয়াই কৰি ফুৰিছে আহ্বান 9

আৰক্ষী বিষয়া কেইগৰাকীৰ প্ৰচেষ্টাত উদ্বুব্ধ হৈ নৱ প্ৰজন্মৰ বহু কেইজনে এতিয়া চাইকেল চলোৱাৰ প্ৰতি আগ্ৰহাম্বিত হোৱাও পৰিলক্ষিত হৈছে।

লগতে চাওকঃ

যেন সঁচা অৰ্থত ভগৱানৰ ৰূপ! মৃত্যুৰ পিছতো ৩ জনক নতুন জীৱন দি গ’ল এগৰাকী মহিলা চিকিৎসকে…

G5 3
চাইকেল চলাওকঃ ৩ গৰাকী অসম আৰক্ষী বিষয়াই কৰি ফুৰিছে আহ্বান 10

Leave a Comment