অসম

চাঞ্চল্যকৰ! দিছপুৰ কলেজৰ একাউণ্টৰ পৰা ৭৬ লাখ টকা লুট প্ৰৱঞ্চকৰ…

মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

দিছপুৰ কলেজৰ একাউণ্টৰ পৰা ৭৬ লাখ টকা লুট প্ৰৱঞ্চকৰ।

কলেজৰ একাউন্ট আছিল বেংক অৱ বৰোডাত।

এই ঘটনাৰ পিছতেই কলেজ খনৰ কৰ্তৃপক্ষই গোচৰ ৰুজু কৰিছে দিছপুৰ থানাত।

কলকাতাৰ ‘জাতীয় কম্পিউটাৰ সাক্ষৰতা মিছন’ নামৰ এটা বেচৰকাৰী সংস্থালৈ সন্দেহৰ আঙুলি।

কাৰণ সেই সংস্থাটোৰ নামতেই ধনখিনি সুমোৱাৰ তথ্য লাভ দিছপুৰ কলেজৰ।

গুৱাহাটীৰ দিছপুৰ শাখা, বেংক অৱ বৰোডাৰ পৰা পশ্চিম বংগৰ বৰনগৰ শাখা, ইউনিয়ন বেংকলৈ ট্ৰেন্সপাৰ হৈছে ধনখিনি।

ঘটনাটো পোহৰলৈ আহে যোৱা ২ মে’ত।

এই ঘটনাৰে বেংক অৱ বৰোডাৰ লোক জড়িত থকাৰ অভিযোগ তুলিছে দিছপুৰ কলেজৰ অধ্যক্ষ ডঃ নৱজ্যোতি বৰাই।

Dispurcollege1980 @ gmail.com মেইলৰ পৰা আহিছিল চেক কনফাৰ্মৰ বাবে মেইল।

কিন্তু অধ্যক্ষৰ মতে Dispurcollege1979 @ gmail.com হৈছে দিছপুৰ কলেজ আঁচল মেইল এড্ৰেছ।

Leave a Reply

Your email address will not be published. Required fields are marked *