
দৈনিক ৰাশিফলঃ ৩০ নৱেম্বৰ, বুধবাৰ
মেষ ৰাশি- আজি আপোনাৰ বাবে এটা সুখকৰ দিন হ’ব। যি কাম সম্পূৰ্ণ কৰিব বিচাৰে, সেই কাম সম্পূৰ্ণ হ’ব। পুৰণি বন্ধু এজনক তেওঁৰ ঘৰত লগ কৰিবলৈ যাব পাৰে। লগতে সন্ধিয়া বজাৰলৈ গৈ ঘৰৰ সা-সামগ্ৰী কিছুমান কিনিব পাৰে। পত্নীৰ পৰামৰ্শই আজি আপোনাক সফলতা প্ৰদান কৰিব। মাতৃৰ স্বাস্থ্যৰ যতন লওক।
বৃষ ৰাশি- আজি ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ভাল দিন। কাৰ্যক্ষেত্ৰত সফলতা লাভ কৰিব আৰু প্ৰগতিৰ নতুন সুযোগ পাব। স্বাস্থ্য আৰু সুনামৰ প্ৰতি সচেতন হওক। জীৱন সংগীৰ সমৰ্থন আৰু সংগ পাব। আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰক। কাৰোবাৰ বিপথে পৰিচালিত হৈ কোনো কাম নকৰিব, ক্ষতি হব পাৰে। ব্যৱসায়িক কাৰণত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে।
মিথুন ৰাশি– আজি আপোনাৰ সম্পূৰ্ণ গুৰুত্ব থাকিব পাৰিবাৰিক আৰু ঘৰুৱা দায়িত্বত। পৰিয়ালত অধিক সময় কটাব আৰু ঘৰৰ প্ৰয়োজনীয়তা বুজিব আৰু সেইবোৰত খৰচ কৰিব। ঘৰুৱা খৰচ বৃদ্ধিৰ বাবে অৰ্থনৈতিক বোজা বৃদ্ধি পাব। আদালতৰ বিষয়ত আপোনাৰ দিনটো অতি শক্তিশালী হ’ব আৰু পৰিস্থিতি আপোনাৰ পক্ষত হ’ব। ৰাজনৈতিক লাভ অৰ্জন কৰিব পাৰে।
লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল
কৰ্কট ৰাশি- আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব। অফিচৰ যিকোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ বাবে পূৰ্বৰ কোম্পানীটোৰ অভিজ্ঞতা উপযোগী হ’ব পাৰে। যিকোনো নতুন ব্যৱসায়ত ধন বিনিয়োগ কৰাটো পৰিহাৰ কৰিব লাগে। লগতে আদালত-আদালতৰ বিষয়ৰ পৰা আঁতৰি থকাটোৱেই আপোনাৰ বাবে ভাল হ’ব। মাতৃৰ পৰা ধন লাভ কৰিব পাৰে।
সিংহ ৰাশি– আজি আপুনি এগৰাকী মহিলা আত্মীয়ৰ বাবে মানসিক চাপত ভুগিব পাৰে। পৰিয়ালত চৌদিশৰ পৰা সমৃদ্ধি থাকিব। পাৰিবাৰিক প্ৰতিপত্তি বাঢ়িব। পেটৰ বিকাৰ বা ছালৰ ৰোগৰ প্ৰতি সচেতন হওক। আত্মীয়ৰ লগত যাতে কোনো বিভাজন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। পিতৃৰ সহযোগিতা লাভ কৰিব। ব্যৱসায়ত বিনিয়োগ লাভজনক হ’ব।
কন্যা ৰাশি- আজি সমস্যাৰ পৰা সকাহ পাব। মানসিক সমস্যাৰ অন্ত পৰিব আৰু কিছুমান ডাঙৰ ডাঙৰ কথা আজিয়েই সিদ্ধান্ত লোৱা হব। ইয়াৰ ফলত আপোনাৰ পৰিকল্পনা ক্ষিপ্ৰ হ’ব। বিবাহিত জীৱনতো সুখ বৃদ্ধি পাব আৰু আপুনি আপোনাৰ পত্নীক উপহাৰ দিব। শিক্ষামূলক ভ্ৰমণ কৰিব পাৰে। ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে লাভজনক হ’ব।
লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল
তুলা ৰাশি- আজি আপোনাৰ দিনটো স্বাভাৱিক হ’ব। আপোনাৰ মনটো হয়তো সামাজিক কামৰ ফালে ঘূৰিব পাৰে। লগতে আপোনাৰ কিছুমান পুৰণি কামৰ শলাগ ল’ব পাৰে ওচৰ-চুবুৰীয়াই। আৰ্থিক লাভৰ বাবে আন চহৰলৈ যাবলগীয়া হ’ব পাৰে। সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। পত্নীৰ সৈতে সাধাৰণ মতানৈক্য ঘটিব পাৰে। বাহিৰত খাদ্য খোৱাৰ পৰা বিৰত থাকক।
বৃশ্চিক ৰাশি– আজি পৰিয়ালৰ দায়িত্ব বাঢ়িব। পত্নীৰ স্বাস্থ্যজনিত বিকাৰ হ’ব পাৰে। ক্ষেত্ৰখনত সম্প্ৰসাৰণ আৰু চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সামাজিক প্ৰতিপত্তি ক্ৰমাগতভাৱে বৃদ্ধি পাব। বাহন আদি ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত সকলে আজি এটা বিশেষ দায়িত্ব লাভ কৰিব পাৰে। শত্ৰুৰ পৰা সাৱধান হৈ থাকক।
ধনু ৰাশি– আজি আপোনাৰ ব্যস্ততা বৃদ্ধি পাব। হাতত লোৱা কাম আজি আধৰুৱা হৈ ৰ’ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত আজি সফলতা লাভ কৰিব পাৰিব। বিত্তীয় পৰিস্থিতিৰ উন্নতি হ’ব। ঘৰলৈ অহা অতিথিৰ পৰা আজি উপহাৰ লাভ কৰিব পাৰে। এলাহ বৃদ্ধি পাব। যাৰ ফলত লাভ কৰা সুযোগ আজি আপুনি হেৰুৱাবলগীয়াও হ’ব পাৰে।
লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল
মকৰ ৰাশি- আজি আপোনাৰ মনলৈ নতুন নতুন ধাৰণা আহিব পাৰে। কিছুমান কামৰ সন্দৰ্ভত নতুন পৰিকল্পনাও কৰিব পাৰে। আয়ৰ উৎস বৃদ্ধি পাব পাৰে। ব্যক্তিগত কাম কৰা সকলে আজি এটা নতুন প্ৰজেক্ট লাভ কৰিব পাৰিব। কৰ্মত নিষ্ঠা থাকিব। চাকৰিয়াল সকলে আজি পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়িক ভ্ৰমণ লাভজনক হ’ব।
কুম্ভ ৰাশি- পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বাবে চিন্তিত হৈ থাকিব পাৰে। আত্মতুষ্টিশীল হওক অত্যধিক খং পৰিহাৰ কৰক। চাকৰিটোত বিষয়াসকলৰ লগত মতানৈক্য হ’ব পাৰে। মাতৃৰ স্বাস্থ্যৰ উন্নতি হব। টকাৰ খৰচ বেছি হ’ব। ব্যৱসায়ত নতুন বিনিয়োগ কৰাৰ পূৰ্বে ভালদৰে চিন্তা কৰক। মাটি বা গৃহ ক্ৰয় বা বিক্ৰীৰ পৰিকল্পনা কৰিব পাৰে।
মীন ৰাশি- দিনটোৰ আৰম্ভণি অৱসাদপূৰ্ণ হ’ব পাৰে। আজি আপুনি পৰিয়ালৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ’ব পাৰে। বিবাহিত জীৱনত সুখ থাকিব। ব্যৱসায়ৰ লগত জড়িত প্ৰচেষ্টাবোৰ ফলপ্ৰসূ হ’ব আৰু আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। শিশুৰ স্বাস্থ্যক লৈ মনটো অলপ চিন্তিত হৈ থাকিব।