ধৰ্ষিতাৰ সৈতে মবাইলত অশালীন বাৰ্তালাপ, গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া

নিউজ ডেস্ক। পুনৰ খাকী পােছাকত কালিমা সানিলে এগৰাকী আৰক্ষী বিষয়াই।

ধৰ্ষণৰ বলি হােৱা এগৰাকী নাবালিকাৰ সৈতে ম’বাইলযােগে অশালীন বাৰ্তালাপ কৰি গ্ৰেপ্তাৰ হ’ল কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণনগৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ধীৰেন্দ্ৰ নাথ।

জানিব পৰা মতে, নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে কৰিমগঞ্জ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াক এই বিষয়ে অভিযোগ দিয়াৰ পিছতে তৎপৰ হৈ পৰে আৰক্ষী প্ৰশাসন।

image 202
ধৰ্ষিতাৰ সৈতে মবাইলত অশালীন বাৰ্তালাপ, গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া 2

ইয়াৰ পিছতে, এছ আই ধীৰেন্দ্ৰ নাথক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইয়াৰ পিছতে এছ আইগৰাকীক আদালতত হাজিৰ কৰা হয় জিলা মুখ্য ন্যায়াধীশৰ আদালত।

আদালতে কাৰাগাৰলৈ নিক্ষেপ কৰে নাথক।