fbpx
ত্ৰিপুৰাঅসমীয়া

গেছ পৰিবাহী টেংকাৰৰ পৰা জব্দ ৫,৩৬৪ কিলাে গাঞ্জা, গ্ৰেপ্তাৰ ২ জন

নিউজ ডেস্ক। উত্তৰ পূবৰ অন্যান্য ৰাজ্যৰ পৰা অসমৰ মাজেৰে বহিঃৰাজ্যলৈ অব্যাহত আছে মাদক দ্ৰব্যৰ চােৰাং সৰবৰাহ।

এইবাৰ ৰন্ধন গেছ পৰিবাহী টেংকাৰত লুকুৱাই অনা ৫ হাজাৰ ৩৬৪ কিলাে গাঞ্জা জব্দ আৰক্ষী-চিআৰপিএফৰ।

FVc48RZaMAE5sFw

জানিব পৰা মতে, শুকুৰবাৰে পুৱা গােপন সূত্ৰৰ খবৰৰ ভিত্তিত ত্ৰিপুৰাৰ খোৱাই জিলা আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষীৰ বাহিনীৰ জােৱানসকলে মুংগিয়াকামি আৰক্ষী থানাৰ অন্তৰ্গত ৪১ মাইল এলেকাত ৮ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন দহচকীয়া ৰন্ধন গেছ কঢ়িওৱা টেংকাৰত তালাচী চলায় জব্দ কৰে প্ৰায় ২.৬৮ কােটি টকা মূল্যৰ গাঞ্জাখিনি।

FVcqOGRUsAIm3Pj

জব্দ কৰা টেংকাৰৰ পঞ্জীয়ন নম্বৰ এনএল-০২১-৬৮৪৬ বুলি জানিব পৰা গৈছে।

গেছৰ সলনি টেংকাৰত লুকুৱাই অনা হৈছিল ৫,৩৬৪ কেজি শুকান গাঞ্জা।

এই গাঞ্জাখিনি ত্ৰিপুৰা পৰা অসম হৈ বহিঃৰাজ্যলৈ কঢ়িওৱাৰ পৰিকল্পনা আছিল সৰবৰাহকাৰী চক্ৰটােৰ।

FVc4ug3aUAA1ZC3

এই ঘটনা সংক্ৰান্তত টেংকাৰখনৰ চালক আৰু সহচালকক এন ডি পি এছ আইনৰ অধীনত গােচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰিছে মুংগিয়াকামি আৰক্ষীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!