বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা! কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পই খুলি দিলে ৪খনকৈ গেট

ৰাজ্যৰ চৌদিশে থকা সৰু–বৰ নদীবান্ধ সমূহৰ বাবে শেহতীয়াকৈ মহাপ্ৰলয়ৰ সূচনা হৈছে উজনি–নামনি সৰ্বত্ৰ।

নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠা নদীবান্ধ সমূহৰ পানী এৰি দিয়াৰ ফলতে ওফন্দি উঠা নৈ-উপ নৈসমূহে সৃষ্টি কৰিছে প্ৰলয়ংকৰী বানৰ।

ইয়াৰ মাজতে পুনৰ খুলি দিয়া হৈছে কাৰ্বি লাংপি বান্ধৰ গেট। যাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকাই দেখা দিছে।

অতিৰিক্ত পানী মোকলাই দিবলৈ বৃহস্পতিবাৰে খুলি দিয়া হৈছে কাৰ্বি লাংপি বান্ধৰ গেট।

নেৰেনেপেৰা বৰষুণৰ বাবে ৰিজাৰ্ভাৰৰ বহন ক্ষমতাতকৈ অধিক পানী এৰি দিছে কৰ্তৃপক্ষই।

গেট খুলি দিয়াৰ ফলত নামনি অসমৰ বিভিন্ন অংশত পানী বৃদ্ধিৰ সম্ভাৱনা।

বৈঠালাংছ’ৰ বৃহত্তৰ অঞ্চল বুৰাই পেলাব পাৰে বান্ধৰ পানীয়ে।

কঁচুৱা, লংজাঁপ, কামপুৰ, ৰহা আদি অঞ্চলো প্লাবিত হোৱাৰ আশংকা।