
নিউজ ডেস্ক। কৰ্তব্যনিষ্ঠাৰ বাবে ৰাজপথত সম্বৰ্ধিত হ’ল এগৰাকী যান-বাহন আৰক্ষীৰ জোৱান।
তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ বশীৰবাগস্থিত বাবু জগজীৱন ৰামৰ প্ৰতিমূৰ্তিৰ সমীপৰ অতি ব্যস্ত পথত সদায় নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰা এগৰাকী গৃহৰক্ষী জোৱানক সম্বৰ্ধনা জনালে তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাই।

ন্যায়াধীশগৰাকীয়ে ন্যায়ালয়লৈ যোৱাৰ সময়ত প্ৰতিদিনে দেখা পায় কৰ্তব্যৰত গৃহৰক্ষী জোৱান আশ্ৰাফ আলীক।
ৰ’দ-বৰষুণকো নেওচি দায়িত্বসহকাৰে নিজৰ কৰ্তব্য পালন কৰি যোৱা আবিদচ ট্ৰেফিক আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান আশ্ৰাফ আলীক তেওঁ দেখুৱাই অহা নিষ্ঠাৰ বাবে সম্বৰ্ধনা জনায় মুখ্য ন্যায়াধীশ গৰাকীয়ে।

ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাই আশ্ৰাফ আলীক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁ কৰ্তব্যৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰশংসা কৰে।
ইতিমধ্যে সামাজিক মাধ্যমত এই ঘটনাৰ ফটাে ভাইৰেল হৈ পৰিছে।
#HCJ of Telangana HighCourt Sri. Satish Chandra Sharma felicitated HGO Ashraf Ali of Abids https://t.co/aJmXx6H9oY, at Babu Jagjeevan ram statue with a bouquet for his performance and sense of commitment towards his duty.
— DGP TELANGANA POLICE (@TelanganaDGP) April 8, 2022
He will cherish your encouragement for his lifetime. pic.twitter.com/HAqiBCuSwF
এই বিশেষ মুহূৰ্তৰ ফটাে টুইটাৰত শ্বেয়াৰ কৰিছে ৰাজ্যখনৰ আৰক্ষী সঞ্চালপ্ৰধান এম মহেন্দৰ ৰেড্ডীয়ে।
তেওঁ টুইট কৰি কয় যে এই সম্বৰ্ধনাই জােৱানজনক নিজৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত সদায় বিশেষ অনুপ্ৰেৰণা যােগাব।
উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এগৰাকী দায়িত্বশীল আৰক্ষী জােৱানৰ এনেদৰে ৰাজপথত সম্বৰ্ধনা কৰি উৎসাহিত কৰা কাৰ্যক সকলােৱে প্ৰশংসা কৰিছে।