
নিউজ ডেস্কঃ বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত দ্বিতীয়টো স্বৰ্ণ পদক জয় ভাৰতৰ। মীৰাবাই চানুৰ পিছত উত্তৰ-পূবৰ আন এগৰাকী এথলিটে কমনৱেলথ গেমছৰ ভাৰত্তোলনত জয় কৰে সোণৰ পদক।
দেওবাৰে পুৰুষৰ ৬৭ কেজি শাখাৰ ভাৰত্তোলনত অভিলেখ গঢ়ি ৩০০ কেজি উত্তোলন কৰি ভাৰতৰ হৈ দ্বিতীয়টো স্বৰ্ণ পদক অৰ্জন কৰে মিজোৰামৰ যুৱ ভাৰত্তোলনকাৰী জেৰেমি লালৰিন্নুংগাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শনিবাৰে অলিম্পিক পদক বিজয়ী উত্তৰ পূবৰ কন্যা মীৰাবাই চানুৱে জয় কৰিছিল প্ৰথমটো সোণৰ পদক।
টুইটাৰত যুৱ এথলিট জেৰেমি লালৰিন্নুংগাক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘আমাৰ যুৱ শক্তিয়ে ইতিহাস সৃষ্টি কৰিছে! জেৰেমি লালৰিন্নুংগালৈ অভিনন্দন, যিয়ে তেওঁৰ প্ৰথমখন কমনৱেলথ গেমছতে সোণৰ পদক অৰ্জন কৰিছে আৰু লগতে চিডব্লিউজিৰ এক অসাধাৰণ অভিলেখ গঢ়িছে। কম বয়সতে তেওঁ কঢ়িয়াই আনিছে অপৰিসীম গৌৰৱ৷ তেওঁৰ ভবিষ্যত কাম-কাজৰ বাবে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।’
Our Yuva Shakti is creating history! Congratulations to @raltejeremy, who has won a Gold in his very first CWG and has set a phenomenal CWG record as well. At a young age he’s brought immense pride and glory. Best wishes to him for his future endeavours. pic.twitter.com/dUGyItRLCJ
— Narendra Modi (@narendramodi) July 31, 2022
উল্লেখ্য যে, চলিত কমনৱেলথ গেমছত এতিয়ালৈকে ভাৰতে দুটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকসহ মুঠ ৪টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
শনিবাৰে ভাৰোত্তোলনকাৰী সংকেত মহাদেৱ সৰগৰে ৫৫ কেজি ওজনত ৰূপৰ পদক লাভ কৰি ভাৰতৰ হৈ প্ৰথমটো পদক কঢ়িয়াই আনে। ২১ বৰ্ষীয় এথলিট গৰাকীয়ে মুঠ ২৪৮ কিলোগ্ৰাম (১১৩ কিলোগ্ৰাম আৰু ১৩৫ কিলোগ্ৰাম) ওজন তুলি দ্বিতীয় স্থান দখল কৰে।
ইফালে, ভাৰতীয় ভাৰোত্তোলনকাৰী গুৰুৰাজ পূজাৰীয়ে কমনৱেলথ গেমছ ২০২২ত মুঠ ২৬৯ কেজি উত্তোলন কৰি পুৰুষৰ ৬১ কেজি ওজন শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।