চৰকাৰী সুলভ মূল্যৰ দোকানত ১৮ টকাত ক্ৰয় কৰিব পাৰিব ৰাষ্ট্ৰীয় পতাকাঃ ‘হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক থিম ছং মুকলি কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ আজাদী কা অমৃত মহোৎসৱ পালন কৰি স্বাধীনতা দিৱসৰ দুদিন পূৰ্বৰে পৰা ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানৰ পিছতে দেওবাৰে ‘হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষত এটা থিম চং মুকলি কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

photo1659266376
চৰকাৰী সুলভ মূল্যৰ দোকানত ১৮ টকাত ক্ৰয় কৰিব পাৰিব ৰাষ্ট্ৰীয় পতাকাঃ 'হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক থিম ছং মুকলি কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ 5

অসমৰ কেইবাগৰাকীও কণ্ঠশিল্পীয়ে কণ্ঠদান কৰা এই গীতটোত অভিনয় কৰিছে ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়েও। অভিনেতা প্ৰাঞ্জল শইকীয়া, জুবিন গাৰ্গ, অৰণ্য মানৱ যাদৱ পায়েং, বুদ্ধিজীৱী নগেন শইকীয়া, লেখিকা অনুৰাধা শৰ্মা পূজাৰীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক দেখা পোৱা গৈছে গীতটোৰ ভিডিঅ’ত।

photo1659265187
চৰকাৰী সুলভ মূল্যৰ দোকানত ১৮ টকাত ক্ৰয় কৰিব পাৰিব ৰাষ্ট্ৰীয় পতাকাঃ 'হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক থিম ছং মুকলি কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ 6

গীতটোত কণ্ঠদান কৰিছে শান্তা উজীৰ, প্ৰিয়ংকা ভৰালী, অনিন্দিতা পল, দিলীপ দাস, তৰালি শৰ্মা, ৰূপম ভূঞা, দীক্ষু, ৰাকেশ ৰিয়ান আৰু নাহিদ আফ্ৰিনে। গীতটোৰ সংগীত পৰিচালনা কৰিছে সমুজ্বল কাশ্যপে।

হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক গীতটো মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ ৰাইজে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ পতাকা উত্তোলন কৰি সন্ধিয়া নমাবও পাৰে বা ইচ্ছা কৰিলে উৰুৱাই ৰাখিবও পাৰে। তাত কোনো বাধা নিষেধ নাই।

photo1659265187 1
চৰকাৰী সুলভ মূল্যৰ দোকানত ১৮ টকাত ক্ৰয় কৰিব পাৰিব ৰাষ্ট্ৰীয় পতাকাঃ 'হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক থিম ছং মুকলি কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ 7

ইফালে অসমৰ মহিলা আত্মসহায়ক গোট সমূহত ৩০ লাখ পতাকা প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰী আহ্বান জনোৱাৰ লগতে বাকী ৫০ লাখ পতাকা কেন্দ্ৰীয় চৰকাৰৰ টেক্সটাইল বিভাগৰ পৰা ক্ৰয় কৰা হ’ব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে এয়াও কয় যে ৰাজ্য চৰকাৰে ক্ৰয় কৰা পতাকাসমূহ চৰকাৰী সুলভ মূল্যৰ দোকানৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব। প্ৰতিখন পতাকাৰ মূল্য ১৮ টকা নিৰ্ধাৰণ কৰি দিছে চৰকাৰে।

১১ আগষ্টৰ পৰা সকলো বিদ্যালয়ত প্ৰভাত ফেৰী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ইয়াৰ জৰিয়তে পতাকা উত্তোলনক লৈ সচেতন কৰা হ’ব সাধাৰণ ৰাইজক।

মুখ্যমন্ত্ৰীয়ে নতুন বছৰত গ্ৰিটিংছ কাৰ্ড উপহাৰ দিয়াৰ দৰে এইবাৰ জন্মদিন বা আন কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উপহাৰ দিবলৈ আহ্বান জনায় সকলোকে। তদুপৰি এইবাৰ ৰাষ্ট্ৰীয় পতাকা ক্ৰয়ৰ বাবে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক অতিৰিক্ত ১৮ টকা অৰ্থাৎ ১০১৮ টকা প্ৰদান কৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

photo1659265571
চৰকাৰী সুলভ মূল্যৰ দোকানত ১৮ টকাত ক্ৰয় কৰিব পাৰিব ৰাষ্ট্ৰীয় পতাকাঃ 'হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক থিম ছং মুকলি কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ 8

স্বাধীনতা দিৱসৰ ক্ষণলৈকে সকলোকে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ প্ৰফাইল পিকচাৰত ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে হৰ ঘৰ ত্ৰিৰংগাৰ অফিচিয়েল ৱেবচাইটত পতাকা উত্তোলন কৰি চেলফি উঠি সেই ফটো আপলোড কৰিব পৰাকৈ এক ব্যৱস্থা ৰখা হৈছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।