এয়াৰ মাৰ্শ্বাল ভি আৰ চৌধুৰী হ’ব দেশৰ পৰৱৰ্তী বায়ু সেনা প্ৰধান…

এয়াৰ মাৰ্শ্বাল ভি আৰ চৌধুৰী হ’ব দেশৰ পৰৱৰ্তী বায়ু সেনা প্ৰধান।

কেন্দ্ৰীয় চৰকাৰে এয়াৰ মাৰ্শ্বাল ভি আৰ চৌধুৰীক দেশৰ পৰৱৰ্তী বায়ু সেনা প্ৰধান হিচাপে নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বৰ্তমান ভি আৰ চৌধুৰী বায়ু সেনাৰ উপ-প্ৰধানৰ দায়িত্বত আছিল।

উল্লেখ্য যে, বৰ্তমানৰ বায়ু সেনা প্ৰধান আৰ কে এছ ভাদোৰিয়াই অহা ৩০ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিব।

এয়াৰ মাৰ্শ্বাল ভি আৰ চৌধুৰীয়ে এই বছৰৰ ১ জুলাইত বায়ু সেনাৰ উপ-প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

বায়ু সেনাৰ উপ-প্ৰধান হোৱাৰ পূৰ্বে এয়াৰ মাৰ্শ্বাল চৌধুৰীয়ে ভাৰতীয় বায়ু সেনাৰ ৱেষ্টাৰ্ণ এয়াৰ কমাণ্ড (ডব্লিউএচি)ৰ কমাণ্ডাৰ-ইন-চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

৩৮ বছৰীয়া কেৰিয়াৰত বিষয়াজনে ভাৰতীয় বায়ু সেনাৰ বিভিন্ন প্ৰকাৰৰ যুঁজাৰু আৰু প্ৰশিক্ষণ বিমান উৰুৱাইছে।

Leave a Comment