এম্বুলেন্সেৰে বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা! গুৱাহাটীত আৰক্ষীয়ে জব্দ কৰিলে ১৪ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ

নিউজ ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে যিমানেই কঠোৰ হৈছে অসম আৰক্ষী, সিমানেই ড্ৰাগছ সৰবৰাহৰ ন ন কৌশল গ্ৰহণ কৰিছে সৰবৰাহকাৰীয়ে।

তেনে এক কৌশলেৰে এম্বুলেন্সৰ ভিতৰত ভৰাই সৰবৰাহৰ সময়তে মহানগৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হ’ল প্ৰায় ১৪ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ।

ঘটনা সন্দৰ্ভত এজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে সদৰী কৰা মতে, মণিপুৰৰ পৰা কাৰ্বিআংলং হৈ বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলোৱা ড্ৰাগছৰ বিৰুদ্ধে গোপন খবৰ লাভ কৰিছিল আৰক্ষীয়ে।

গুৱাহাটীৰ হেঙেৰাবাৰীত এজন ড্ৰাগছ সৰবৰাহকাৰী আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাই মিৰাজুল আলী নামৰ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

মেঘালয়ৰ ফুলবাৰীৰ নিৱাসী মিৰাজুলে আৰক্ষীক দিয়া স্বীকাৰোক্তিৰ ভিত্তিতে পৰৱৰ্তী সময়ত এখন ব্যক্তিগত হাস্পতালৰ পাৰ্কিঙত ৰখাই থোৱা এমএল ০৩চি ০০৩৭ নম্বৰৰ এম্বুলেন্সখন জব্দ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে জব্দকৃত এম্বুলেন্সখনৰ পৰা ৪.১ কেজি ওজনৰ ৫০ হেজাৰ য়াবা টেবলেট আৰু ২০৭ গ্রাম হেৰ ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জব্দকৃত ড্ৰাগছখিনিৰ আন্তর্জাতিক বজাৰ মূল্য ১৪ কোটিৰো অধিক বুলি আজি আৰক্ষীয়ে জানিবলৈ দিছে।

আনহাতে জব্দকৃত ড্রাগছখিনি গুৱাহাটীৰ মাজেৰে মানকাচৰ, ৰাজাবালা হৈ বাংলাদেশলৈ নিয়াৰ চেষ্টা কৰিছিল চক্ৰটোৱে।

ঘটনা সন্দৰ্ভত পল্টন বজাৰ থানাত ৫৮৪/2২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে।