
নিউজ ডেস্ক। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে পুনৰ ৩ শতাংশ ডিএ (DA) আৰু ডিআৰ (DR) বৃদ্ধি কৰিছে । ফলস্বৰূপে ডিএ পোনপটীয়াকৈ ২৮ শতাংশৰ পৰা ৩১ শতাংশলৈ বৃদ্ধি পাইছে।
চলিত বৰ্ষৰ ১ জুলাইত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ মুঠ ২৮ শতাংশ ডিএ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। যাৰ ফলত বৰ্তমান ৩ শতাংশ বৃদ্ধি হোৱাৰ পিছত মুঠ ডিএ ৩১ শতাংশ হ’ব।
কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে, ই ৪৭.১৭ লাখ কৰ্মচাৰী আৰু ৬৮.৬২ লাখ জন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক লাভান্বিত কৰিব।
তেওঁ লগতে কয় যে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি ডিএ আৰু ডিআৰ বৃদ্ধিয়ে ৯৪৮৮.৭ কোটি টকা ব্যয় বৃদ্ধি কৰিব। যিয়ে ইয়াৰ ওপৰত অধিক চাপ সৃষ্টি কৰিব।
তেওঁ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ আৰু ডিআৰ বৃদ্ধিক উৎসৱৰ বতৰৰ আটাইতকৈ ডাঙৰ উপহাৰ বুলি অভিহিত কৰে। যদি এজন কৰ্মচাৰীৰ দৰমহা ১৮,০০০ টকা হয়, তেন্তে তেওঁ ৫০৩০ টকাৰ ডিএ লাভ কৰে। কিন্তু ৩% বৃদ্ধি হোৱাৰ পিছত এতিয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ডিএ হিচাপে ৫,৫৮০ টকা লাভ কৰিব।