অসম

ভয়ংকৰ দুৰ্ঘটনা! ট্ৰাকত খুন্দা কয়দী কঢ়িওৱা বাহনৰ, আৰক্ষীসহ আহত ৮ জন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

অভাৰটেক কৰিবলৈ গৈ ট্ৰাকত খুন্দা কয়দী কঢ়িওৱা বাহনৰ।

নগাঁৱৰ এঘাৰ মাইলত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথসংঘটিত হৈছে এই দুৰ্ঘটনা।

হোজাই শংকৰ নগৰৰ পৰা নগাঁও জেইললৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাহনখন।

যাৰফলত আৰক্ষীসহ ৮ জন কয়দী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

আহতৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ এন এল ০১ এ এ ৭৫৭৫। আনহাতে কয়দী কঢ়িওৱা বাহনকনৰ নম্বৰ হৈছে এ এছ ৩০-৭৫৫৮ ।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকৰ সহযোগত আহত লোকসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *