ইতিহাস হ’ল এক সোণালী কণ্ঠ! কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই…

দেশবাসীলৈ এক দুঃখবৰ।
কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই।
৯২ বছৰ বয়সত মহাপ্ৰয়াণ ঘতে ভাৰতৰত্ন লতা মংগেশকাৰৰ।
মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ লতা দিদিয়ে।
প্ৰখ্যাত গায়িকা লতা মংগেশকাৰে ৬ ফেব্ৰুৱাৰী তাৰিখ দেওবাৰে পুৱা প্ৰায় ৯.৩০ মান বজাত ইহলীলা সম্বৰণ কৰে।
২৯ দিন ধৰি চিকিত্সাধীন হৈ আছিল কোকিলকণ্ঠী লতা মংগেশকাৰ।
শনিবাৰে হাস্পতালত জ্যেষ্ঠ ভগ্নীৰ স্বাস্থ্যৰ বুজ লৈছিল আশা ভোছলেই দেশবাসীক প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনাইছিল।
কিন্তু দেশবাসীক আশাহত কৰি ইহ সংসাৰৰ পৰা বিদায় ল’লে লতা মংগেশকাৰে।
উল্লেখ্য যে কৰ’ণাত আক্ৰান্ত হৈছিল কোকিলকণ্ঠী লতা মংগেশকাৰ।
ডাঃ প্ৰতীত চামদানীৰ তত্বাৱধানত চিকিত্সাধীন হৈ আছিল লতা মংগেশকাৰ।
স্বাস্থ্য অধিক অৱনতি হোৱাৰ বাবে যোৱা শনিবাৰে আই চি ইউত ভৰ্তি কৰা হৈছিল।
দেশ-বিদেশৰ কোটি কোটি অনুৰাগীয়ে তেওঁৰ সুস্বাস্থ্য কামনাৰে প্ৰাৰ্থনা কৰাও পৰিলক্ষিত হৈছিল।
‘কুইন অৱ মেল’ডি’ আৰু ‘নাইটিংগেল অফ ইণ্ডিয়া’ হিচাপে পৰিচিত মংগেশকাৰে ৮ জানুৱাৰীত মৃদু লক্ষণথকা কোভিড-১৯ত আক্ৰান্ত হৈছিল মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈছিল।
লতা মংগেশকাৰৰ চিকিৎসা চলাই থকা ডাঃ প্ৰতিত সম্দানীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, দেহৰ একাধিক অংগ বিকল হৈ পৰাৰ ফলত ২৮ দিনৰো অধিক দিন চিকিৎসাৰ অন্তত দেওবাৰে পুৱা ৮.১২ বজাত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে।
কিংবদন্তি কণ্ঠশিল্পী গৰাকীৰ অন্তিম সংস্কাৰ দেওবাৰে সন্ধিয়া ৬ বজাত সম্পন্ন কৰা হ’ব। তেওঁৰ মৃত্যুত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। এই সময়ত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব।
উল্লেখ্য যে, কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত মংগেশকাৰক ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল, য’ত তেওঁক ডাঃ প্ৰতিত সম্দানী আৰু তেওঁৰ চিকিৎসকৰ দলৰ দ্বাৰা চিকিৎসা কৰা হৈছিল।
চিকিৎসকে জানিবলৈ দিয়া মতে কিংবদন্তী গায়িকাগৰাকীৰ স্বাস্থ্য যোৱা সপ্তাহত কিছু উন্নত হৈছিল যদিও শনিবাৰে পুৱা পুনৰ স্বাস্থ্যৰ অৱনতি ঘটে। যাৰ ফলত পুনৰ তেওঁক ভেণ্টিলেটৰৰ সহায়ত ৰখা হৈছিল। মংগেশকাৰে ৩০ জানুৱাৰীত কোভিড-১৯ আৰু নিউমোনিয়াৰ পৰা আৰোগ্য লাভ কৰিছিল।
উল্লেখ্য যে, ২০১৯ৰ নৱেম্বৰ মাহতো মংগেশকাৰক শ্বাস প্ৰশ্বাসত পোৱা অসুবিধাৰ বাবে ব্ৰীছ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। হাস্পতালত ২৮ দিন চিকিৎসাধীন হৈ থকাৰ পিছত তেতিয়া অব্যাহতি দিয়া হৈছিল লতা মংগেশকাৰক।