অসম

‘গোদাবৰী নৈৰে পৰা অসমী আইলৈ যাচো প্ৰণাম’… অসমৰ সৈতেও আছিল লতাজীৰ আত্মিক সম্বন্ধ…

দেশবাসীলৈ এক দুঃখবৰ।

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই।

৯২ বচৰত মহাপ্ৰয়াণ ঘতে ভাৰতৰত্ন লতা মংগেশকাৰৰ।

Image

মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ লতা দিদিয়ে।

২৯ দিন ধৰি চিকিত্সাধীন হৈ আছিল কোকিলকণ্ঠী লতা মংগেশকাৰ।

Image

অসমৰ সৈতেও আছিল লতাজীৰ আত্মিক সম্বন্ধ।

বহু অসমীয়া কালজয়ী গীতত কণ্ঠ নিগৰাইছিল ভাৰতৰত্ন লতা মংগেশকাৰে।

‘জোনাকৰে ৰাতি, অসমীৰে মাটি, জিলিকি জিলিকি পৰে…’, ‘ মই অধাই জলধিৰ মাজলৈ’ শীৰ্ষক গীতটোৰ পৰা আদি কৰি গোদাবৰী নৈৰে পৰা অসমী আইলৈ যাচো প্ৰণাম’ শীৰ্ষক গীতটোতো কণ্ঠদান কৰিছিল তেওঁ।

Image

অসমীয়া ছবিতো গীত গাইছিল লতা মংগেশকাৰে। শনি তালুকদাৰে ৰচনা কৰা আকাশ অ’ আকাশ মোক জোনাকী এমুঠি দিয়া গীতটো গাইছিল লতা মংগেশকাৰে।

অপৰাজয় ছবিখনত এই গীতটো গাইছিল লতা মংগেশকাৰে।

ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা এৰা বাটৰ সুৰ ছবিখনত ১৯৫৬চনতেই লতা মংগেশকাৰে গাইছিল এটি কালজয়ী গীত।

সেই গীতটো আছিল ‘জোনাকৰে ৰাতি, অসমীৰে মাটি, জিলিকি জিলিকি পৰে…’। এই গীতটিৰ কথা, সুৰ আৰু সংগীত আছিল ভূপেন হাজৰিকাৰ।

Image

ডাঃ প্ৰতীত চামদানীৰ তত্বাৱধানত চিকিত্সাধীন হৈ আছিল লতা মংগেশকাৰ।

স্বাস্থ্য অধিক অৱনতি হোৱাৰ বাবে যোৱা শনিবাৰে আই চি ইউত ভৰ্তি কৰা হৈছিল।

image

দেশ-বিদেশৰ কোটি কোটি অনুৰাগীয়ে তেওঁৰ সুস্বাস্থ্য কামনাৰে প্ৰাৰ্থনা কৰাও পৰিলক্ষিত হৈছিল

Leave a Reply

Your email address will not be published. Required fields are marked *