RPF-ৰ তালাচীত গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ ২৩৫ টাকৈ বিৰল প্ৰজাতিৰ কাছ।
শনিবাৰে কামাখ্যা ৰে’ল ষ্টেচনত উদ্ধাৰ হয় এই বৃহৎ সংখ্যক বিৰল প্ৰজাতিৰ কাছখিনি।
জানিব পৰা মতে, উজনিমুৱা ইন্দোৰ-কামাখ্যা এক্সপ্ৰেছৰ দুটাকৈ দবাত উদ্ধাৰ হৈছে কাছখিনি।
কামাখ্যা ৰে’ল সুৰক্ষা বাহিনীৰ নিয়মীয়া তালাচীত উদ্ধাৰ হয় কাছখিনি।
ষ্টেচনটোৰ ৪নং প্লেটফৰ্মত ৰখাই ৰে’লখনৰ ১৯১৩২১ আৰু ২০১২৫৫ নম্বৰৰ দবা দুটাৰ ভিতৰত ১০ টা গৰাকীবিহীন বেগ প্ৰত্যক্ষ কৰে ৰে’ল সুৰক্ষা বাহিনীয়ে।
বেগকেইটাৰ ভিতৰত কি আছে সেইটো খুলি চোৱাত তাত জীৱিত অৱস্থাত থকা ২৩৫ টাকৈ কাছ উদ্ধাৰ হয়।
উদ্ধাৰ হোৱা কাছখিনিৰ অধিকাংশই ভাৰতীয় ফ্লেপশ্বেল কাছ বুলি ইতিমধ্যে ৰে’ল সুৰক্ষা বাহিনীয়ে চিনাক্ত কৰিছে।
কিন্তু কোনে এই কাছভৰ্তি বেগকেইটা সৰবৰাহ কৰিছিল সেই কথা এতিয়ালৈকে পোহৰলৈ অহা নাই।
এই সংক্ৰান্তত ৰে’ল সুৰক্ষা বাহিনীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।
উদ্ধাৰ হোৱা কাছখিনি ৰে’ল সুৰক্ষা বাহিনীৰ তৰফৰ পৰা পূব কামৰূপ বন খণ্ডৰ হাতত গতাই দিয়া হয়।









