
নিউজ ডেস্কঃ কোভিড কালত লাখ লাখ দৰিদ্ৰ জনতাৰ কাষত থিয় হৈ জননায়ক হিচাপে পৰিচিত হোৱা অভিনেতা চনু সুদ এইবাৰ আগবাঢ়ি আহিছে দৰিদ্ৰ শিক্ষাৰ্থীৰ সহায়ৰ বাবে।
প্ৰয়াত মাতৃৰ স্মৃতিত তেওঁৰ ১৩ বছৰীয়া মৃত্যু বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি চনু সুদে দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে লৈ আনিছে ‘প্ৰফেছৰ সৰোজ সুদ স্ক’লাৰশ্বিপ’।
এই বৃত্তি কাৰ্যসূচীৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলক সকাহ প্ৰদান কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে চনু সুদ ফাউণ্ডেশ্যনে।
কিন্তু কোনে লাভ কৰিব এই বৃত্তি? কেনেকৈ লাভ কৰিব? কেনেকৈ আবেদন কৰিব পাৰিব? আদি প্ৰশ্নৰ উত্তৰ দি এই প্ৰতিবেদন-
অভিনেতা চনু সুদে তেওঁৰ প্ৰয়াত মাতৃৰ নামত ২০২২ বৰ্ষত মুকলি কৰিছে প্ৰফেচৰ সৰোজ সুদ বৃত্তি। এই আঁচনিখনৰ জৰিয়তে উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক সমৰ্থন আগবঢ়োৱাৰ প্ৰয়াস কৰিছে চনু সুদ চেৰিটী ফাইণ্ডেশ্যনে।
এই বৃত্তি আঁচনিৰ অধীনত ফাউণ্ডেচনে নিৰ্ধাৰণ কৰা যোগ্যতাৰ মাপকাঠী পূৰণ কৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে আৰ্থিক সহায় লাভ কৰিব।
এই আঁচনিৰ বাবে নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলে স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ সুদ চেৰিটি ফাউণ্ডেশ্যনৰ পৰা আৰ্থিক সহায় লাভ কৰিব।
বৃত্তি লাভৰ বাবে প্ৰয়োজনীয় যোগ্যতাঃ
এই বৃত্তিৰ বাবে কেৱল ভাৰতীয় নাগৰিকেহে আবেদন কৰিব পাৰিব।
হোটেল মেনেজমেণ্ট/ আইন পাঠ্যক্ৰম/ অভিযান্ত্ৰিক/ চিকিৎসা বা বিশেষ শিক্ষা, কম্পিউটাৰ পাঠ্যক্ৰম আদিৰ স্নাতক পাঠ্যক্ৰম আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰা সকলো আবেদনকাৰীয়ে আবেদন কৰিব পাৰিব।
আবেদনকাৰীৰ শেহতীয়া বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ থাকিব লাগিব।
আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখতকৈ কম হ’ব লাগিব।
কি কি পাঠ্যক্ৰমৰ বাবে লাভ কৰিব বৃত্তিঃ
দ্য মেনেজমেণ্ট ষ্টাডিজ
শিক্ষা আৰু প্ৰযুক্তি
MBBS পাঠ্যক্ৰম
আইন পাঠ্যক্ৰম
কৃষি অধ্যয়ন
কম্পিউটাৰ এপ্লিকেচন পাঠ্যক্ৰম
হোটেল মেনেজমেণ্ট পাঠ্যক্ৰম
হেল্থকেয়াৰ বিজ্ঞানৰ অধ্যয়ন
পেৰা মেডিকেল ছায়েন্সৰ অধ্যয়ন
বিমান সংস্থা আৰু পৰ্যটন আদি
প্ৰয়োজনীয় নথিঃ
দশম আৰু দ্বাদশ শৈক্ষিক নথিপত্ৰ/ প্ৰমাণ পত্ৰ
পৰিচয় প্ৰমাণ পত্ৰ। যেনে- আধাৰ কাৰ্ড/ ভোটাৰ কাৰ্ড/ ইত্যাদি।
আৱাসিক প্ৰমাণ পত্ৰ
ই ডব্লিউ এছ প্ৰমাণপত্ৰ
আয়ৰ প্ৰমাণ পত্ৰ
আবেদনকাৰীৰ জাতিগত প্ৰমাণ পত্ৰ
ছাত্ৰৰ বায়’ডাটা আৰু চিভি
বেংক একাউণ্টৰ বিৱৰণ
কিদৰে কৰিব আবেদনঃ
এই বৃত্তি আঁচনিৰ বাবে আবেদন কৰিবলৈ ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োজনীয় নথিসহ scholarships@sonusood.me লৈ ইমেইল প্ৰেৰণ কৰিব লাগিব। বৃত্তিৰ বাবে যোগ্য নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীয়ে চনু সুদ চেৰিটি ফাউণ্ডেশ্যনৰ পৰা ইমেইল লাভ কৰিব।