হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৰ…

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৰ।

আনহাতে মুকেশ অগ্নিহোত্ৰীয়ে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

দেওবাৰে চিমলাৰ ঐতিহাসিক ৰিজ ময়দানত অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান।

শপত গ্ৰহণ অনুষ্ঠানত দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি আন জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে।

সম্প্ৰতি ৰাজ্যখনত মুখ্যমন্ত্ৰীকে ধৰি সৰ্বাধিক কেবিনেট মন্ত্ৰীৰ সংখ্যা ১২জন হ’ব। পিছত কেবিনেট সম্প্ৰসাৰণ কৰা হ’ব।

উল্লেখ্য, কংগ্ৰেছে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৬৮খন আসনৰ ভিতৰত ৪০খন আসন লাভ কৰি ভাৰতীয় জনতা পাৰ্টীক ক্ষমতাৰ পৰা উৎখাত কৰিছে।