ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা মহটিয়াই নিলে স্কুটী, নিহত আৰোহী…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা মহটিয়াই নিলে স্কুটী।

দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হৈছে স্কুটী আৰোহী।

নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত চকলাঘাট চাৰিআলিত শনিবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে, এ এছ-০১-ডি চি ১৭২৪ নম্বৰৰ এখন মাটি কঢ়িওৱা ডাম্পাৰৰ লগত এ এছ-০২-এ বি ৮০৮৮ নম্বৰৰ এখন স্কুটিৰ সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

ৰাইদঙীয়াৰ দিশৰ পৰা আহি থকা স্কুটীখনক তীব্ৰ বেগী ডাম্পাৰখনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।

পাছত ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।