নিউজ ডেস্কঃ সাগৰ তীৰত পত্নীৰ সৈতে দ্বিতীয় বিবাহ বাৰ্ষিকী উদযাপন কৰিবলৈ গৈছিল শ্ৰীনিৱাস। সাগৰৰ তীৰত পত্নীৰ সৈতে খোজ কাঢ়ি থকাৰ সময়তে হঠাৎ সন্ধানহীন হৈ পৰে পত্নী। ইয়াৰ পিছতে হাহাকাৰ লাগে স্বামী শ্ৰীনিৱাসৰ।
লগে লগে পত্নী সন্ধানহীন হোৱাৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ পিছতে মহিলাগৰাকীৰ সন্ধানত আৰম্ভ হয় অভিযান। আৰক্ষীয়ে দুদিন ধৰি সমগ্ৰ অঞ্চলত মহিলাগৰাকীৰ সন্ধানত অভিযান চলায়। আনকি এই অভিযানৰ বাবে সহায় লোৱা হয় নৌ সেনাৰ হেলিকপ্টাৰৰো।
সাগৰ তীৰৰ পৰা সন্ধানহীন হোৱা মহিলাগৰাকীক বিচাৰি প্ৰায় ১ কোটি টকা ব্যয় কৰাৰ পিছত অৱশেষত সন্ধান লাভ হয় মহিলাগৰাকীৰ। কিন্তু সাগৰ তীৰত বা আশে পাশে নহয়, বৰং মহিলাগৰাকীৰ সন্ধান লাভ কৰা হয় প্ৰেমিকৰ দুবাহুৰ মাজত।

এনে এক আশ্বৰ্যকৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
দৰাচলতে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামৰ শ্ৰীনিৱাস ৰাও আৰু তেওঁৰ ২১ বৰ্ষীয় পত্নী সাইপ্ৰিয়াই তেওঁলোকৰ দ্বিতীয় বিবাহ বাৰ্ষিকী উদযাপনৰ বাবে বিশাখাপট্টনমৰ আৰ কে বিচলৈ গৈছিল।
সোমবাৰে স্বামী-স্ত্ৰীয়ে প্ৰথমে সিমহাচলম মন্দিৰলৈ গৈ পূজা অৰ্চনা কৰে। আৰু তাৰ পিছতে সাগৰৰ পাৰত ফুৰিবলৈ যায়। নিশা দম্পতীহালে সাগৰৰ পাৰত খোজ কাঢ়ি গৈ থকা সময়তে শ্ৰীনিৱাসৰ এটা ফোন আহে। তেওঁ ফোনটো ৰিচিভ কৰিবলৈ পত্নীক কাষৰ পৰা আঁতৰি কিছু নিলগলৈ যায়। সেই সময়ত নিজৰ মোবাইল কেমেৰাত চেলফি লৈ আছিল পত্নী সাইপ্ৰিয়াই।

কেইমিনিটমান পাছত যেতিয়া শ্ৰীনিৱাস পূৰ্বৰ স্থানলৈ উভতি আহে, তেতিয়া পত্নীক নেদেখি হাহাকাৰ কৰি উঠে। তেওঁ গোটেই অঞ্চলটো পত্নীক বিচাৰি চলাথ কৰি পত্নীৰ সন্ধান লাভ নকৰাত সাগৰৰ ঢৌত উটি যোৱাৰ সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে।
ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ নিৰুদ্দেশ হোৱা সাইপ্ৰিয়াৰ সন্ধানত অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে গোটেই অঞ্চলটোতো সন্ধান অভিযান চলায়। আনকি এই সন্ধান অভিযানৰ বাবে সহায় লোৱা হয় নৌ সেনাৰ হেলিকপ্টাৰৰো। সম্পূৰ্ণ দুদিন ধৰি মহিলাগৰাকীৰ সন্ধানত এই অভিযান চলাই প্ৰশাসনে এক কোটিৰো অধিক টকা ব্যয় কৰে।

অৱশেষত দুদিন পিছত সাইপ্ৰিয়াই নিজৰ মাতৃলৈ প্ৰেৰণ কৰা এটা হোৱাটছএপ ভয়ছ মেজেছৰ পৰাহে পোহৰলৈ আহে মহিলাগৰাকী সন্ধানহীন হোৱাৰ ৰহস্য। য’ত তেওঁ নেল্ল’ৰলৈ পলায়ন কৰি প্ৰেমিক ৰবিৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ বিষয়ে অৱগত কৰে।
সাই প্ৰিয়াই হোৱাটছএপ মেছেজত মাতৃক জনোৱা মতে, তেওঁ আৰ কে বিচৰ পৰা প্ৰেমিক ৰবিৰ সৈতে পলায়ন কৰি ৰে’লযোগে নেল্ল’ৰৰ কাৱলীত উপস্থিত হয় আৰু তাত তেওঁলোকে বিবাহ সম্পন্ন কৰে।
আনহাতে তেওঁৰ উদ্ধাৰ অভিযান চলাই কোটি টকা খৰছ কৰা আৰক্ষীৰ ওচৰতো ক্ষমা বিচাৰে মহিলাগৰাকীয়ে। লগতে তেওঁক আৰু তেওঁৰ প্ৰেমিকক বিচাৰি নাহিবলৈ আহ্বান জনাই অন্যথা আত্মহত্যা কৰিব বুলিও ভাবুকি দিয়ে সাইপ্ৰিয়া নামৰ মহিলাগৰাকীয়ে।