মচুৰীৰ ধমৰশালাত নৈত গা ধুবলৈ গৈ মৃত্যু শ্রদ্ধা বৰুৱাৰ

নিউজ ডেস্কঃ বহিঃৰাজ্যত এগৰাকী অসমীয়া যুৱতীৰ ৰহস্যজনক মৃত্যুৱে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, মচুৰীৰ ধৰমশালাত নৈত গা ধুবলৈ গৈ মৃত্যুক সাৱটি লয় শ্ৰদ্ধা বৰুৱা নামৰ অসমীয়া যুৱতীগৰাকী।

বাতৰি অনুসৰি, দুলীয়াজানৰ নাওশলীয়াৰ বৰহোলা জুটুলীবাৰী গাঁৱৰ নিৱাসী উত্তম বৰুৱা কন্যা শ্ৰদ্ধা বৰুৱাই কৰ্মসূত্ৰে বাস কৰিছিল দিল্লীৰ ৰোহিনী চেক্টৰ ১৭ত।

যুৱতীগৰাকীয়ে মচুৰীৰ ধৰমশালাত নৈত গা ধুবলৈ যোৱাৰ পিছতে ৰহস্যজনক ভাৱে মৃত্যুক সাৱটি লয়।

photo1659075975
মচুৰীৰ ধমৰশালাত নৈত গা ধুবলৈ গৈ মৃত্যু শ্রদ্ধা বৰুৱাৰ 2

ইফালে শ্ৰদ্ধাক পৰিকল্পতিভাৱে হত্যা কৰাৰ সন্দেহ কৰিছে পিতৃ তথা পৰিয়ালে। আনহাতে আৰ্থিক অভাৱৰ বাবে বহিঃৰাজ্যত মৃত্যু ঘটা কন্যাৰ মৃতদেহ স্বগৃহলৈ ওভতাই অনাত ব্যৰ্থ হৈছে পৰিয়ালটো।

বহিঃৰাজ্যত এনেদৰে যুৱতীগৰাকীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ দুলীয়াজানত।