ৰাষ্ট্ৰীয়

আজি সমুখ-সমৰত নামিব ভাৰত-পাকিস্তান, উৎকণ্ঠিত দুই দেশৰ জনতা…

আজি সমুখ-সমৰত নামিব ভাৰত-পাকিস্তান।

T20 বিশ্বকাপত আজি ভাৰতৰ সৈতে মুখামুখি হ’ব চিৰবৈৰী পাকিস্তান।

হাইভল্টেজ মেচ খনকলৈ দুই দেশত জনতাৰ মাজত পৰিলক্ষিত হৈছে ব্যাপক উত্‍কণ্ঠা।

হাইভল্টিজ মেচখনত ভাৰতৰ দলটোক নেতৃত্ব দিব বিৰাট কোহলীয়ে।

ইয়াৰ বিপৰীতে পাকিস্তানৰ দলটোক নেতৃত্ব দিব অধিনায়ক বাবৰ আজমে।

উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ সৈতে ভাৰতে খেলিছে ৫খন খেল।

এই ৫খন খেলৰ এখনো খেলত বিজয় সাব্যস্ত কৰিব পৰা নাই পাকিস্তানে।

সেয়েহে এই খেলখনত পাকিস্তানে জয়ী হোৱাৰ বাবে দিব মৰণপন যুঁজ।

আনহাতে দেশৰ সন্মান ৰক্ষা তথা পাকিস্তানক পুনৰ এসেকা দিবলৈ সাজু হৈছে টীম ইণ্ডিয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *