অসম

আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম, গুৱাহাটীত কিমান?

অব্যাহত আছে ইন্ধনজাতীয় সামগ্ৰী তথা পেট্ৰ’ল-ডিজেলৰ উৰ্দ্ধগামী যাত্ৰা।

প্ৰতিদিনে হোৰাহোৰে বৃদ্ধি হৈ আছে পেট্ৰ’ল-ডিজেলৰ দাম।

আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম।

দেওবাৰে ডিজেলৰ দাম ৩৪ৰ পৰা ৩৮ পইচা বৃদ্ধিৰ বিপৰীতে পেট্ৰ’লৰ দাম বৃদ্ধি পাইছে ৩০ৰ পৰা ৩৫ পইচাকৈ।

উল্লেখযোগ্য যে অক্টোবৰ মাহত এতিয়ালৈ ১৮বাৰতকৈ অধিক ইন্ধনৰ দাম বৃদ্ধি পাইছে।

কেৱল অক্টোবৰ মাহতেই পেট্ৰ’লৰ দাম ৫.১৫ টকা বৃদ্ধি হৈছে। আনহাতে, ডিজেলৰ দাম বৃদ্ধি পাইছে ৫ টকাৰো অধিক।

বৰ্দ্ধিত মূল্যৰে দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’ল দাম ১০৭.৫৯ টকা হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেল দাম হৈছে ৯৬.৩২ টকা।

মুম্বাইত পেট্ৰ’ল ১১৩.৪৬ টকা আৰু ডিজেল ১০৪.৩৮ টকা প্ৰতিলিটাৰ।

চেন্নাইত পেট্ৰ’ল ১০৪.৫২ টকা আৰু ডিজেল ১০০.৫৯ টকা প্ৰতিলিটাৰ।

কলকাতাত পেট্ৰ’ল ১০৮.১১ টকা আৰু ডিজেল ৯৯.৪৩ টকা প্ৰতিলিটাৰ।

আনহাতে গুৱাহাটী আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৩.৫৯ টকা হোৱাৰ বিপৰীতে আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম হৈছে ৯৬.১৩ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *