অসমঅসমীয়া

বিদ্যালয়ত ক’ভিড-১৯ৰ সংক্ৰমণ, ৩ শিক্ষাৰ্থী আক্ৰান্ত হােৱাৰ পাছতে বিদ্যালয় বন্ধ

নিউজ ডেস্ক। চৰাইদেউ জিলাৰ এখন বিদ্যালয়ত তিনিগৰাকী শিক্ষাৰ্থী ক’ভিড-১৯ত আক্ৰান্ত হৈছে। যাৰ বাবে অহা সপ্তাহলৈ বিদ্যালয়খন বন্ধ কৰি দিবলগীয়া হয়।

সোণাৰি নগৰৰ নিকটৱৰ্তী মাইবেলস্থিত লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰৰ আবাসিক এলেকাত থকা মজলীয়া বিদ্যালয়ৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ২০ অক্টোবৰৰ দিনা ক’ভিডত আক্ৰান্ত হয়।

ইয়াৰ পাছতে বিদ্যালয়খনত স্বাস্থ্য বিভাগে ছাত্ৰ-ছাত্ৰীসকলৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাত দুগৰাকী ছাত্ৰ-ছাত্ৰীৰ (এগৰাকী প্ৰথম আৰু আনগৰাকী অষ্টম শ্ৰেণীৰ) ক’ভিড পজিটিভ হয়।

এনে অৱস্থাত বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়খন ছেনিটাইজ কৰাৰ লগতে শিক্ষা বিভাগে জাৰি কৰা এছ অ’ পি মৰ্মে অহা সাত দিনলৈ শিক্ষানুষ্ঠানখন বন্ধ ঘোষণা কৰিছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Reply

Your email address will not be published. Required fields are marked *