আজি পৱিত্ৰ ৰাখী বন্ধনঃ ভাতৃ-ভগ্নীৰ সম্পৰ্কক অন্য মাত্ৰা দিয়াৰ এক উৎসৱ…

আজি পৱিত্ৰ ৰাখী বন্ধন।

ভাতৃ-ভগ্নীৰ সম্পৰ্কক অন্য মাত্ৰা দিয়াৰ উৎসৱ।

প্ৰতিবছৰে শাওন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় ৰাখী বন্ধন।

কোভিড পৰিস্থিতিৰ মাজতে ভিন্ন ৰঙৰ ৰাখীৰে ভৰিছে বজাৰ।

ৰাখীবন্ধনৰ এই ৰীতি সম্বন্ধীয়, দূৰ-সম্বন্ধীয় তথা তেজৰ সম্পৰ্ক ৰহিত ভাতৃ বা ভগ্নীৰ মাজত স্নেহৰ এনাজৰী ৰূপেও অতিশয় জনপ্ৰিয়।

এই উৎসৱ হিন্দু সকলৰ উপৰিও কিছু শিখ ধৰ্মালম্বী আৰু জৈন লোকেও পালন কৰে।

ৰাখীৰ অৰ্থ হৈছে “সুৰক্ষা নিশ্চিতকৰণৰ বাবে বান্ধোন”।

ভগ্নী সকলে ভাতৃৰ হাতত ৰাখী বান্ধি যি কোনো বিপদৰ পৰা ভাতৃয়ে সুৰক্ষা প্ৰদান কৰাৰ নিশ্চিতি বিচাৰে বা আশা কৰে।

ঐতিহাসিক ভাৱে অতি পুৰণি এই ৰীতিৰে ৰাজপুত ৰাণী সকলে প্ৰতিবেশী শাসক সকললৈ সম্প্ৰীতি তথা সদ্ভাৱ ৰক্ষাৰ বাণীৰে ৰাখী পঠিওৱা পৰম্পৰাৰ কথাও ইতিহাসৰ পাতত পোৱা যায়।

ভাৰত, মৰিচাচ, নেপাল, পাকিস্তান আদিত মূলতে পালিত উৎসৱটো বৰ্তমান গোলকীকৰণে বিশ্বব্যাপি কৰি তুলিছে।

উল্লেখ্য যে, ৪৭৪ বছৰ পিছত এইবাৰ ৰক্ষাবন্ধনত হ’ব এক মহাসংযোগ।

এইবাৰ ৰাখী বন্ধনত সিংহ ৰাশিত সূৰ্য, মঙ্গল আৰু বুধ একেলগে বহিব। সিংহ ৰাশিৰ প্ৰভু হৈছে সূৰ্য। বন্ধু মঙ্গলগ্ৰহো তেওঁলোকৰ সৈতে এই ৰাশিচিহ্নত উপস্থিত থাকিব। ইয়াৰ সৈতে শুক্ৰ কন্যা ৰাশিত থাকিব। এনে গ্ৰহযোগক অত্যন্ত শুভ আৰু ফলপ্ৰসূ বুলি গণ্য কৰা হয়।

জ্যোতিষশাস্ত্ৰৰ মতে, ৰাখী বন্ধনৰ ওপৰত এনে এক বিৰল গ্ৰহীয় সংমিশ্ৰণ ৪৭৪ বছৰৰ পিছত সংঘটিত হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ৰাজ্যবাসীক জনাইছে ৰাখি বন্ধনৰ শুভেচ্ছা।

দিছপুৰৰ মন্ত্ৰী আবাসী কলনীৰ উদ্যানত অনুষ্ঠিত কৰা হৈছে ৰাখী বন্ধনৰ বিশেষ কাৰ্যসূচী৷

বিভিন্ন প্ৰান্তৰ ভগ্নী সকল আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাখী পিন্ধাবলৈ৷

৯ টাকৈ মহিলা সংগঠনৰ তৰফৰ পৰা পুৱাই মুখ্যমন্ত্ৰী গৰাকীক ৰাক্ষী পিন্ধাবলৈ আহিছে।

Leave a Comment