অৱশেষত সলনি হ’ল শিক্ষা বিভাগৰ সিদ্ধান্ত! ভেঞ্চাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীয়েও পাব মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম…

নিউজ ডেস্কঃ অৱশেষত সলনি হ’ল শিক্ষা বিভাগৰ এক হঠকাৰী সিদ্ধান্ত।

অপ্ৰাদেশীকৃত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন প্ৰদান নকৰাৰ সিদ্ধান্তক লৈ চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈ থকাৰ সময়তে অৱশেষত এই সিদ্ধান্ত সলনি কৰিলে ৰণোজ পেগু নেতৃ্ত্বাধীন শিক্ষা বিভাগে।

অসম অপ্ৰাদেশীকৃত শিক্ষক সন্থাৰে সৈতে আলোচনাৰ পিছত শিক্ষা বিভাগে সলনি কৰে সিদ্ধান্ত।

শিক্ষা বিভাগে প্ৰকাশ কৰা মতে, ভেঞ্চাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীয়েও এতিয়া অইন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দৰে লাভ কৰিব মধ্যাহ্ন ভোজনৰ লগতে বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম।

উল্লেখ্য যে, কিছুদিন পূৰ্বে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছিল যে ভেঞ্চাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন দিয়া নহয়।

শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ পিছতে অপ্ৰাদেশীকৃত শিক্ষক সন্থাকে ধৰি বিভিন্ন দল-সংগঠন আৰু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।

ভেঞ্চাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীক চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰাৰ বিৰোধিতাৰে সাব্যস্ত হৈছিল প্ৰতিবাদো।