অৰুণাচল প্ৰদেশৰ যুৱকক চীনে PLA ত নিযুক্তিৰ বাবে প্ৰলােভিত কৰিছেঃ বিধায়ক নিনং এৰিং

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ পাছিঘাট সমষ্টিৰ বিধায়ক নিনং এৰিঙৰ ভাৰত চৰকাৰলৈ সতৰ্কবাণী।

বিধায়কগৰাকীয়ে দাবী কৰে যে কাষৰীয়া ৰাষ্ট্ৰ চীনে অৰুণাচল প্ৰদেশৰ যুৱকক চীনা পিপলচ লিবাৰেচন আৰ্মীত নিযুক্তিৰ বাবে চেষ্টা চলাই আছে।

কেৱল অৰুণাচল প্ৰদেশেই নহয়, প্ৰতিবেশী তিব্বতৰ যুৱককাে সেনাত ভৰ্তিৰ বাবে কুচকাৱাজ অব্যাহত ৰাখিছে চীনে।

বিধায়ক গৰাকীৰ এই মন্তব্যৰ পিছতেই এতিয়া সৰ্বত্ৰে এই বিষয় হৈ পৰিছে স্পৰ্শকাতৰ।

সংবাদ মাধ্যমৰ আগত এৰিঙে কয় যে, অৰুণাচল প্ৰদেশৰ যুৱক সকলক সুনিশ্চিত ভৱিষ্যত প্ৰদানৰ নিশ্চিতি দি চীনে এনে কৰাৰ চেষ্টা কৰি আছে।

অৰুণাচল প্ৰদেশ আৰু তিব্বতৰ যুৱকক নিযুক্তি দিয়াৰ প্ৰচেষ্টা চলাইছে চীনে।

সেয়েহে তেওঁ এই বিষয়ত কেন্দ্ৰীয় প্ৰতিৰক্ষা আৰু গৃহ মন্ত্ৰালয়ক তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

চীনৰ আগ্ৰাসনৰ প্ৰতি ভয় কৰি তেওঁ কয় যে, চীনা সীমান্তত বাস কৰা নিছি, আদি, মিচিমি, ইদু সম্প্ৰদায় সমূহৰ সৈতে চীনৰ লবা সম্প্ৰদায়ৰ লোক সকলৰ সম্পৰ্ক আৰু সাদৃশ্য আছে।

অৱশ্যে তেওঁ এইটোও কয় যে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে চীনা সেনাত যোগদান কৰিব।

সেয়েহে তেওঁ ভাৰত চৰকাৰক এই ক্ষেত্ৰত অধিক সতৰ্ক হােৱাৰ লগতে সীমান্তৱৰ্তী অঞ্চলৰ যুৱক-যুৱতীক অৰুণাচল স্বাউট্ছৰ দৰে বাহিনী গঠন কৰি নিযুক্তিৰ ব্যৱস্থা হাতত গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Leave a Comment