fbpx
অৰুণাচল প্ৰদেশনাগালেণ্ড

অৰুণাচল আৰু নাগালেণ্ডত পুনৰ ৬ মাহৰ বাবে বৃদ্ধি কৰা হ’ল সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন…

অৰুণাচল আৰু নাগালেণ্ডত পুনৰ ৬ মাহৰ বাবে বৃদ্ধি কৰা হ’ল সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন।

নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমৌকেডিমা, মন, কিফিৰে, নোক্লাক, ফেক, পেৰেন, জুনহেবোটো জিলালৈ সম্প্ৰসাৰণ কৰা হৈছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন।

কেন্দ্ৰীয় চৰকাৰে এক অধিসূচনাৰ জৰিয়তে এই ৯ খন জিলাত ২০২৩ বৰ্ষৰ ৩০ মাৰ্চলৈ বৃদ্ধি কৰিছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন।

আনহাতে অৰুণাচল প্ৰদেশৰ তিৰাপ, চাংলাং আৰু লংডিং জিলা আৰু অসম সীমান্তৰ নামচাই জিলাৰ নামচাই আৰু মহাদেৱপুৰ আৰক্ষী থানাৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত থকা এলেকাসমূহক ১ অক্টোবৰৰ পৰা ছয় মাহৰ বাবে বৃদ্ধি কৰা হৈছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন।

এই অঞ্চলসমূহত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ ৰ ধাৰা ৩ ৰ অধীনত ‘অশান্ত অঞ্চল’ হিচাপে ঘোষণা কৰা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!