অসম-মিজোৰাম সীমা বিবাদঃ কেন্দ্ৰৰ লগতে দুয়োখন ৰাজ্য চৰকাৰক জাননী জাৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ…

২৬ জুলাইত অসম-মিজোৰাম সীমান্ত লাইলাপুৰত সংঘটিত হোৱা সংঘৰ্ষক লৈ কেন্দ্ৰ, অসম আৰু মিজোৰামক জাননী জাৰি কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (NHRC)।

অসমৰ বাসিন্দা মহম্মদ ইনজামামুল হকৰ অভিযোগৰ ভিত্তিত মানৱ অধিকাৰ আয়োগে দেওবাৰে কেন্দ্ৰীয় গৃহ সচিব আৰু অসম আৰু মিজোৰামৰ মুখ্য সচিবসক জাননী জাৰি কৰে।

জাননীত ৪ সপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

আয়োগে কৈছে যে সেই সময়ছোৱাত ‘গুৰুতৰ মানৱ অধিকাৰ উলংঘন’ হৈছিল।

শুনানি অনুসৰি, ‘গোচৰটো মৃত আৰু আহতসকলৰ গুৰুতৰ মানৱ অধিকাৰ উলংঘনৰ সৈতে সম্পৰ্কিত। আয়োগে এনে ধৰণৰ ঘটনাক অতি গুৰুত্বসহকাৰে লয়। এই পৰিস্থিতিত প্ৰথমে জাননী প্ৰেৰণ কৰা হওক।’

উল্লেখ্য যে, ২৬ জুলাইত সংঘটিত সংঘৰ্ষত অসম আৰক্ষীৰ ছজন জোৱান নিহত হোৱৰা লগতে ৫০ জনতকৈ অধিক লোক আহত হৈছিল।

Leave a Comment