ছ’চিয়েল মিডিয়াত তালিবানক সমৰ্থন জনাই অসমত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ১৪ জনকৈ লোক।
ইয়াৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শাস্তিৰ দাবী তুলিছে একাংশই।
গ্ৰেপ্তাৰ হোৱা লোক সকলক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই।
তালিবানক সমৰ্থন কৰাসকলক দেশদ্ৰোহী আখ্যা দি বিধায়কগৰাকীয়ে কয়- ‘তালিবানক সমৰ্থন কৰাসকল দেশদ্ৰোহী। তেওঁলোক মানুহৰ শাৰীত নপৰে। তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম দৃষ্টান্তমূলক শাস্তি দিব লাগে।’
আনহাতে অসমৰ মাটিৰ পৰা প্ৰকৃততে এনে কথা কোৱাৰ সাহসেই কৰিব নালাগিছিল বুলিও হাজৰিকাই মন্তব্য কৰে।
বিধায়কগৰাকীয়ে লগতে কয় যে, গুৰুজনাই গঢ়ি থৈ যোৱা অসমখনক কেতিয়াও ঠান-বান হ’বলৈ দিব নোৱাৰি এইক্ষেত্ৰত মুখ্য মন্ত্ৰীয়ে কঠোৰ ব্যাৱস্থা গ্ৰহণ কৰিছে আৰু তালিবানক সমৰ্থন কৰা সকলৰ উচিত শাস্তি হ’ব বুলি আশাপ্ৰকাশ কৰিছো।









