অলিম্পিকত ব্ৰঞ্জৰ পদকৰ যুঁজত পৰাস্ত হ’ল ভাৰতীয় মহিলা হকী দল।
বৃটেইনৰ হাতত পৰাস্ত হ’ল ভাৰতীয় দলটো।
প্ৰথমৰে পৰা যুঁজ দি ৩-৪ ব্যৱধানত পৰাস্ত হ’ল ভাৰত।
ভাৰতৰ বিৰুদ্ধে ৪-৩ গ’লৰ কঠিন জয়ৰ পাছত ব্ৰিটেইনে মহিলা হকী টুৰ্ণামেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
২০১৬ চনৰ ৰিঅ’ অলিম্পিকত স্বৰ্ণ জয় কৰা ব্ৰিটেইনে দ্বিতীয় কোৱাৰ্টাৰত এলিনা ৰেয়াৰ আৰু ছাৰাহ ৰবাৰ্টছনৰ গ’লৰ জৰিয়তে দুটা গ’লৰ অগ্ৰগতি লাভ কৰে।
পদক বঞ্চিত হ’লেও দেশবাসীৰ মন জয় কৰিলে হকী দলটোৰ সদস্যসকলে।
We narrowly missed a medal in Women’s Hockey but this team reflects the spirit of New India- where we give our best and scale new frontiers. More importantly, their success at #Tokyo2020 will motivate young daughters of India to take up Hockey and excel in it. Proud of this team.
— Narendra Modi (@narendramodi) August 6, 2021
মহিলাদলটোৱে তেওঁলোকৰ খেলুৱৈত্বৰ গতিশীল প্ৰদৰ্শনৰ বাবে বহুতে টুইট কৰি প্ৰশংসাও কৰে৷









