অধিবক্তা স্বামীয়ে পুত্ৰ সন্তান বিচাৰি পত্নীক কৰালে ৮ বাৰ গৰ্ভপাত, অৱশেষত পত্নীৰ গোচৰ

নিউজ ডেস্ক। যেতিয়া আইনৰ ৰক্ষকেই ভক্ষক হয়, তেতিয়া সমাজ কোনে দিশে গতি কৰে বাৰু সমাজ? বিশেষকৈ যেতিয়া মানৱীয়তা পাহৰি কোনোৱে আইন বিৰোধ কাম কৰে তেতিয়া নিত্যান্তই ই এক দুখ লগা কথা সমাজৰ বাবে।

এইবাৰ তেনে এক ঘটনাই সংঘটিত হৈছে মুম্বাইত। অধিবক্তা স্বামীয়ে পত্নীক পুত্ৰ সন্তানৰ বাবে কৰায় ৮ বাৰকৈ গৰ্ভপাত। ভাৰতত এই কাম আইন বিৰোধী বাবে বিদেশতো কৰায় গৰ্ভপাত।

কেৱল সেইয়াই নহয়, পুত্ৰ সন্তানৰ বাবে বিশেষ হৰমনযুক্ত ১৫০০ টা বেজীও দিলে পত্নীক। অৱশেষত পত্নী অতিষ্ঠ হৈ কাষ চাপে আৰক্ষীৰ। স্বামী আৰু স্বামীৰ পৰিয়ালৰ লোকৰ দ্বাৰা হোৱা আতিশায্যৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ।

৪০ বছৰীয়া মহিলা গৰাকী এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ কন্যা বুলি জানিব পৰা যায়।

দাদৰ আৰক্ষী থানাত দিয়া মহিলা গৰাকীৰ অভিযোগ অনুসৰি, তেওঁ ২০০৭ চনত অধিবক্তা স্বামীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। স্বামীৰ পৰিয়ালৰ সকলোৱেই অধিবক্তা। কেৱল স্বামীৰ ভগ্নী অৰ্থাৎ তেওঁৰ ননন্দহে চিকিৎসক।

বিবাহৰ বছৰচেৰেক পিছতেই স্বামীয়ে তেওঁক অত্যাচাৰ কৰিবলৈ লয় আৰু কয় যে স্বামীক পুত্ৰ সন্তান লাগে। ২০০৯ চনত তেওঁ এটি কন্যা সন্তানৰ জন্ম দিয়ে। ২০১১ চনত তেওঁ পুনৰ গৰ্ভধাৰণ কৰে। কিন্তু স্বামীয়ে তেওঁক গৰ্ভপাত কৰিবলৈ জোৰ দি কয় যে তেওঁ সন্তান নিবিচাৰে। স্বামীৰ কথা মতেই তেওঁ নিজৰ ইচ্ছাৰ বিৰুদ্ধে সেই কাম কৰে। কিছুমান অদৰকাৰী কথাত স্বামীয়ে প্ৰায়ে তেওঁক অত্যাচাৰ কৰিবলৈ লয়।

তেওঁ লগতে কয় যে, স্বামীয়ে তেওঁক পূৰ্ব-কাৰ্যকৰী জিনজনিত চিকিৎসাৰ (pre-implantation genetic diagnosis) বাবে বিদেশলৈয়ো লৈ যায়। তেওঁক আনকি শিশু জন্মৰ পূৰ্বে লিংগ নিৰ্ধাৰণৰ কেইবাটাও পৰীক্ষায়ো কৰায় স্বামীয়ে।

পুত্ৰ সন্তান জন্মৰ বাবে কিছুমান চিকিৎসাও কৰোৱায়। তাৰ বাবে তেওঁক অবৈধভাৱে ১৫০০ টা হৰমনযুক্ত আৰু ষ্টেৰয়ড বেজীও দিয়াই। সেই পৰীক্ষা আৰু চিকিৎসা ভাৰতত নিষিদ্ধ। সেয়েহে তেওঁক স্বামীয়ে কোনো অনুমতি নোলোৱাকৈ বিদেশত সেই চিকিৎসা কৰোৱায়। ইয়াৰোপৰি মুঠ ৮ বাৰ তেওঁক স্বামীয়ে জোৰ জবৰদস্তি গৰ্ভপাত কৰোৱায়।

আৰক্ষী বিষয়াই জনোৱা অনুসৰি, “ই এক গাৰ্হস্থ্য হিংসাৰ গোচৰ আৰু ই এক অতি ব্যক্তিগত বিষয়। আমি এই বিষয়ে কোনো আলোচনা বা শ্বেয়াৰ কৰিব নোৱাৰো, যিহেতু অভিযোগটো গুৰুত্বপূৰ্ণ। আমি অভিযোগকাৰী বা অভিযুক্তৰ পৰিচয় দিয়াটো উচিত নহব।”

উল্লেখ্য যে আৰক্ষীয়ে এই সন্দৰ্ভত যৌতুক, নিৰ্যাতন, ভাবুকি আৰু লিংগ নিৰ্বাচনৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন কৰে আৰু পৰৱৰ্তী তদন্ত অব্যাহত ৰাখিছে।

Leave a Comment