ENGLISH

স্কুটিৰ পৰা চিটিকি পৰি মৃত্যুক সাৱটিলে মহিলাই! আত্মীয়ৰ বিৰুদ্ধে এজাহাৰ স্বামীৰ

নিউজ ডেস্কঃ তীব্ৰ বেগী যান-বাহনৰ বেপৰোৱা চালনে পুনৰ এটি পৰিয়াললৈ কঢ়িয়াই আনিলে চৰম দুৰ্ভাগ্য। ৰাজস্থানৰ জয়পুৰত যোৱা ২৬ জানুৱাৰীৰ সন্ধিয়া এক পথ দুৰ্ঘটনাৰ বলি হৈ সুষমা শৰ্মা নামৰ এগৰাকী মহিলাৰ কৰুণ মৃত্যু ঘটে। আত্মীয়ৰ সৈতে স্কুটীত ঘৰলৈ উভতি অহাৰ সময়তে এক তীব্ৰ জোকাৰণিৰ ফলত স্কুটীৰ পৰা পৰি যোৱাৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

উল্লেখ্য যে, জয়পুৰৰ ভৱানী শংকৰ কলনীৰ বাসিন্দা সুষমা শৰ্মা যোৱা ২৬ জানুৱাৰীৰ সন্ধিয়া আত্মীয় প্ৰবীণ কুমাৰৰ সৈতে স্কুটীৰে ঘৰলৈ উভতি আহিছিল। সীতাকালী ফাটকৰ সমীপত থকা এটা স্পীড ব্ৰেকাৰত তীব্ৰ বেগী স্কুটীখন হঠাতে উফৰি পৰে আৰু ফলত সুষমা স্কুটীৰ পৰা ছিটিকি মাটিত পৰে। মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা সুষমাক লগে লগে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ইফালে এই দুৰ্ঘটনাটো কেৱল চালকৰ চৰম গাফিলতিৰ বাবেই সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে সুষমাৰ স্বামী চন্দন জাংগিড়ে। তেওঁৰ মতে, প্ৰবীণে যদি স্কুটীখন সাৱধানতাৰে চলালেহেঁতেন, তেন্তে আজি তেওঁৰ পত্নী জীৱিত থাকিলহেঁতেন। এই সন্দৰ্ভত মঙলবাৰে খোহা বিচল আৰক্ষী থানাত প্ৰবীণ কুমাৰৰ বিৰুদ্ধে তীব্ৰ বেগেৰে যান চলোৱা আৰু গাফিলতিৰ অভিযোগত এটা গোচৰ ৰুজু কৰা হৈছে।

তদুপৰি এটা সুখী পৰিয়ালৰ হাহি-ধেমালি এই দুৰ্ঘটনাটোৱে নিমিষতে ম্লান কৰি পেলালে। সুষমাৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু যান-বাহন চালকসকলক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *