আথিৰাৰ সংগ্ৰামে মুহিব আপোনাকো! দুৰ্ঘটনাই কাঢ়ি নিয়া স্মৃতিশক্তি আৰু খোজ কঢ়াৰ ক্ষমতা নেওচি সফল হ’ল UPSCত

নিউজ ডেস্কঃ ভয়ংকৰ দুৰ্ঘটনাই কাঢ়ি নিয়া স্মৃতিশক্তি আৰু চিৰদিনৰ বাবে খোজ কঢ়াৰ ক্ষমতা হেৰুৱাই পেলোৱাৰ পাছতো অদম্য ইচ্ছাশক্তিৰ বলত এতিয়া সফলতাৰ শিখৰত উপনীত হৈছে এগৰাকী অসাধাৰণ যুৱতী।

২০১৬ চনত এখন হুইলচেয়াৰত আবদ্ধ হৈ পৰা কেৰালাৰ আথিৰা সুগথনে সকলো প্ৰত্যাহ্বান নেওচি ২০২৫ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষাত ৪৮৩ সংখ্যক স্থান দখল কৰি দেশবাসীৰ বাবে এক অনন্য নিদৰ্শন দাঙি ধৰিছে।

দুবছৰ ধৰি স্মৃতিশক্তি হেৰুৱাই পেলোৱাৰ পাছত এই সফলতা আথিৰাৰ বাবে কেৱল এটা চাকৰি নহয়, বৰঞ্চ এক নতুন জীৱন যুদ্ধৰ জয়।

বেংগালুৰুত দন্ত চিকিৎসাৰ শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে এক পথ দুৰ্ঘটনাত পতিত হৈছিল আথিৰা। ইয়াৰ পাছত প্ৰায় দুবছৰ ধৰি তেওঁ নিজৰ পৰিচয় আনকি পঢ়া-শুনাৰ কথাও পাহৰি গৈছিল। পৰিয়ালৰ নেৰানেপেৰা চেষ্টা আৰু আয়ুৰ্বেদিক চিকিৎসাৰ ফলত লাহে লাহে স্মৃতিশক্তি ঘূৰি অহাৰ পাছত তেওঁ পুনৰ শূন্যৰ পৰা শিক্ষা আৰম্ভ কৰে আৰু বিডিএছ ডিগ্ৰী সম্পূৰ্ণ কৰে।

image 12
আথিৰাৰ সংগ্ৰামে মুহিব আপোনাকো! দুৰ্ঘটনাই কাঢ়ি নিয়া স্মৃতিশক্তি আৰু খোজ কঢ়াৰ ক্ষমতা নেওচি সফল হ’ল UPSCত 3

ক’ভিডৰ সময়ত এটা স্বেচ্ছাসেৱী সংগঠনত কাম কৰি থকাৰ সময়তে দিব্যাঙ্গ লোকসকলৰ সমস্যাই তেওঁক জোকাৰি যায় আৰু তেতিয়াই তেওঁ সমাজৰ বাবে ডাঙৰ কিবা এটা কৰাৰ উদ্দেশ্যে ইউপিএছচিৰ বাবে প্ৰস্তুতি চলোৱাৰ সিদ্ধান্ত লয়।

আথিৰাৰ এই যাত্ৰাত তেওঁৰ সৰু ভনীয়েক অনঘাৰ ত্যাগ অতুলনীয়। বায়েকৰ চোৱা-চিতা কৰিবলৈকে অনঘাই নিজৰ পছন্দৰ বিষয় এৰি নাৰ্ছিং পঢ়িবলৈ লৈছিল যাতে বায়েকক সঠিক চিকিৎসা আৰু সহায় আগবঢ়াব পাৰে।

প্ৰথম তিনিবাৰ লোকসেৱাৰ পৰীক্ষাত ব্যৰ্থ হোৱাৰ পাছতো মনোবল অটুত ৰাখি অৱশেষত চতুৰ্থটো প্ৰচেষ্টাত এই সফলতা লাভ কৰা আথিৰাই মালায়ালম বিষয়টো ঐচ্ছিক হিচাপে লৈ ঘৰৰ পৰাই অনলাইনযোগে প্ৰস্তুতি চলাইছিল।

image 13
আথিৰাৰ সংগ্ৰামে মুহিব আপোনাকো! দুৰ্ঘটনাই কাঢ়ি নিয়া স্মৃতিশক্তি আৰু খোজ কঢ়াৰ ক্ষমতা নেওচি সফল হ’ল UPSCত 4

এতিয়া আইএএছ বিষয়া হোৱাৰ স্বপ্ন দেখা আথিৰাই কয় যে সংকটৰ সময়বোৰেই তেওঁক এগৰাকী সাহসী মানুহ হিচাপে গঢ়ি তুলিলে। হুইলচেয়াৰে কেতিয়াও তেওঁৰ সপোনৰ বাটত বাধা দিব নোৱাৰে বুলি তেওঁ প্ৰমাণ কৰি দিলে।

উল্লেখ্য যে এইবাৰ ইউপিএছচিত অনুজ অগ্নিহোত্ৰীয়ে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে ৰাজেশ্বৰী চুৱে এম আৰু আকাংক্ষা ধুলেই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে।

Leave a Comment