অসমীয়াঅসম

বাইক চুৰি কৰি পিতা-পুত্ৰৰ সন্ত্ৰাস! অৱশেষত গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ বাইক চুৰি কৰি আৰক্ষীৰ জালত পৰিল পিতা-পুত্ৰৰ যুটি। বাইক চুৰি কৰি দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস চলাই অহা এই দুই পিতা-পুত্ৰক আৰক্ষীয়ে চাপৰৰ কামাৰডিহি গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে।

ধৃত পিতা-পুত্ৰহালৰ পৰিচয় ক্ৰমে নুৰুল হক আৰু সাহিনুৰ হক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এক গোপন খবৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে অভিযান চলাই দুয়োকে গ্ৰেপ্তাৰ কৰে।

photo1657708768

আৰক্ষীয়ে বাইক চোৰ দুটাৰ পৰা এএছ১৯ জি১১৯১ নম্বৰৰ এখন চুৰি গ্লেমাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয়। দুয়ো পিতা-পুত্ৰক বৰ্তমান জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।