নিউজ ডেস্কঃ খেলি থাকোতেই জেচিবিৰে কাটি থোৱা মাটিৰ স্তূপ গাৰ ওপৰত বাগৰি পৰাত মাটিত তলত পোত হৈ কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল দুটি কণমানি শিশুৱে। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে মেঘালয়ৰ গাৰো পাহাৰত। এই ঘটনাত আন তিনিটা শিশু গুৰুতৰভাৱে আহত হয়। শনিবাৰে পশ্চিম গাৰো পাহাৰৰ নলবাৰী গাঁৱৰ এটা নিৰ্মাণ স্থানত খনন কাৰ্য্যৰ সময়ত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।
আৰক্ষীৰ সূত্ৰ অনুসৰি স্থানীয় বাসিন্দা নুৰুল আমিন সৰকাৰে নিজৰ মাটিত ঘৰ সাজিবলৈ মাটি কাটিছিল। এক্সকেভেটৰ (জেচিবি)ৰে মাটি খান্দি উলিওৱাৰ পাছত চালকজনে এফালে থৈ চাহ খাবলৈ গৈছিল। তেতিয়াই সংঘটিত হয় দুৰ্ঘটনাটো।
জানিব পৰা মতে, সেই সময়ত খননস্থলীৰ কাষতে খেলি আছিল পাঁচ শিশু ক্ৰমে আলাদিন সৰকাৰ (১০), ৰফিজুল মোল্লা (৭), মকছেদুল শ্বেখ (১১), ৰকিবুল আলম (৭), আৰু চাহিল ৰহমানে (৮)। কিন্তু হঠাৎ ওপৰৰ পৰা বুজন পৰিমাণৰ মাটি বাগৰি পৰাত নিমিষতে মাটিৰ তলত পোত যায় শিশু কেইটা।
লগে লগে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ মাটিত পোত যোৱা শিশু কেইটিক উদ্ধাৰৰ চেষ্টা চলায় যদিও তেতিয়ালৈকে কৰুণ মৃত্যু ঘটে ৰকিবুল আৰু চাহিলৰ। আন তিনিটা শিশুক সংকটজনক অৱস্থাত ভাটিবাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।
নলবাৰী গাঁৱৰ গাঁওবুঢ়াই ৰাজাবালা আৰক্ষী থানাত খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। খনন কামৰ সময়ত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে নে নাই সেই তদন্ত অব্যাহত ৰাখিছে প্ৰশাসনে। ইফালে এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।