ENGLISH

এখন অনন্য বিবাহ; এহাল যমজ ভাতৃৰ ডিঙিত বৰমালা পিন্ধালে আন এহাল যমজ ভগ্নীয়ে

নিউজ ডেস্কঃ একেখন মণ্ডপ, একে সাজ-পোছাক আৰু একেই মুখাবয়বৰ দুহাল দৰা-কইনা। যোৱা কেইদিনমান ধৰি এখন বিশেষ বিবাহক লৈ সমগ্ৰ দক্ষিণ ভাৰততে চলিছে ব্যাপক চৰ্চা। এহাল যমজ ভাতৃয়ে একেলগে বিবাহ পাশত আবদ্ধ হ’ল আন এহাল যমজ ভগ্নীৰ সৈতে। একেই চেহেৰাৰ দুই দৰা আৰু দুই কইনাৰ এই বিৰল বিয়াখনত উপস্থিত থকা শ শ অতিথিৰ মাজত সৃষ্টি হ’ল এক আমোদজনক বিভ্ৰান্তিৰ।

image 70

একেধৰণৰ পৰম্পৰাগত সাজ পিন্ধি মণ্ডপত কাষে কাষে বহা বিজয় আৰু বিনয় নামৰ যুৱক দুজনৰ কোনজন কোন, তাক চিনি উলিওৱাটোৱেই কঠিন হৈ পৰিল বহুতৰ বাবে। ঠিক একেদৰে কীৰ্তনা আৰু কীৰ্তি নামৰ যমজ ভগ্নীদ্বয়ো আছিল অবিকল একেই। বিয়াৰ ধৰ্মীয় নীতি-নিয়মৰ মাজতে অতিথিৰ পৰা আৰম্ভ কৰি পুৰোহিতলৈকে সকলোৱে মাজে মাজে দৰা-কইনাৰ পৰিচয়ক লৈ একপ্ৰকাৰ বিমোৰত পৰা দেখা গ’ল।

image 68

প্ৰকৃতিৰ এক বিৰল সংযোগ হিচাপে বিবেচিত এই যুগ্ম বিবাহখন কোনো ডাঙৰ চহৰত নহয়, বৰঞ্চ সম্পন্ন হৈছে তেলেংগানাৰ কামাৰেড্ডী নামৰ এখন জিলাত। দুই যমজ পৰিয়ালৰ মাজত হোৱা এই মিলনৰ আলোকচিত্ৰ এতিয়া ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে। নেটিজেনসকলে ইয়াক ‘এক জনমত এবাৰেই হোৱা বিৰল দৃশ্য’ বুলি অভিহিত কৰিছে।

image 69

কেৱল কৌতুহলৰ বাবেই নহয়, বৰঞ্চ দুয়োটা পৰিয়ালৰ মাজত থকা মধুৰ সম্পৰ্কৰ বাবেহে এই বিবাহ সম্ভৱ হৈ উঠিল বুলি জনাইছে দৰা-কইনাৰ আত্মীয়ই। কামাৰেড্ডী জিলাৰ সামাজিক ইতিহাসত এই অনন্য বিবাহখন এক বিশেষ স্মৃতি হৈ ৰ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *