অসমীয়াৰাষ্ট্ৰীয়

পিতৃৰ ৰূপত দানৱ! পুত্ৰৰ মুখৰ অবয়ব নিজৰ সৈতে নিমিলাৰ বাবেই এবছৰীয়া সন্তানৰ সৈতে পাষণ্ড পিতৃয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

নিউজ ডেস্কঃ পুত্ৰৰ মুখৰ অবয়ব নিজৰ সৈতে নিমিলাৰ এক ভয়ংকৰ সন্দেহৰ বাবে নিজৰ কণমানি সন্তানক নৃশংসভাৱে হত্যা কৰিলে এজন পাষণ্ড পিতৃয়ে। বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ পিলভিটত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড। পত্নীৰ চৰিত্ৰক লৈ কৰা ঘোৰ সন্দেহৰ পৰিণতিত ভুতা থানা অঞ্চলৰ বাসিন্দা সোমপাল নামৰ পাষণ্ডই নিজৰ এবছৰীয়া পুত্ৰ বৰুণক ডিঙি চেপি হত্যা কৰি গাঁৱৰ পুখুৰীত পেলাই দিয়ে। আৰক্ষীৰ জেৰাত অভিযুক্তই স্বীকাৰ কৰিছে যে কেঁচুৱাটোৰ মুখখন তেওঁৰ সৈতে নিমিলাৰ বাবেই তেওঁ এই পাশৱিক কাণ্ড সংঘটিত কৰিছিল।

ঘটনাৰ বিৱৰণী অনুসৰি, সোমপাল নামৰ ব্যক্তিজন অত্যাধিক সুৰাপায়ী আছিল আৰু পত্নী ৰামবেটীৰ চৰিত্ৰক লৈ সততে সন্দেহ কৰিছিল। স্বামীৰ নিৰ্যাতন সহিব নোৱাৰি ৰামবেটীয়ে যোৱা দুমাহ ধৰি পিতৃগৃহত আশ্ৰয় লৈ আছিল যদিও বুধবাৰে সোমপালে বলপূৰ্বকভাৱে তেওঁৰ দুই পুত্ৰক লৈ আহে। সেই নিশাই সি কণমানি বৰুণক ডিঙি চেপি হত্যা কৰি পুখুৰীত বিসৰ্জন দিয়ে। বৃহস্পতিবাৰে পুৱা আৰক্ষীয়ে পুখুৰীৰ পৰা কেঁচুৱাটোৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়।

আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত সোমপালক পথাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে। জেৰাৰ সময়ত হত্যাকাৰী পিতৃয়ে কয়, “কেঁচুৱাটোৰ মুখখন দেখিবলৈ মোৰ দৰে নহয়, গতিকে সি মোৰ সন্তান হ’ব নোৱাৰে।” আৰক্ষীৰ মতে, সোমপালৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছত পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই কৰুণ ঘটনাই এটা পৰিয়াল নিমিষতে ধ্বংস কৰি পেলোৱাৰ লগতে সমাজত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *