অসমীয়াৰাষ্ট্ৰীয়

প্ৰেৰণাদায়ক! ১৬ বছৰ বয়সত চিকিৎসক, ২২ বছৰ বয়সত IAS বিষয়া, কিন্তু সকলো ত্যাগ কৰি অৱশেষত ১৫ হাজাৰ কোটি টকীয়া ব্যৱসায় গঢ়ি তুলিলে এজন যুৱকে…

নিউজ ডেস্কঃ কোৱা হয় যে যেতিয়া কোনো ব্যক্তিয়ে সঁচা হৃদয়েৰে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰে, তেতিয়া তেওঁ সেই লক্ষ্যত উপনীত হ’বলৈ সকলো প্ৰচেষ্টা চলায় আৰু সকলো শক্তিৰে সেই লক্ষ্যত উপনীত হোৱাৰ কামত জড়িত হৈ পৰে।

তেনে এজন যুৱকেই হৈছে ৰমন চাইনী। চিকিৎসক আৰু আইএএছ বিষয়াৰ দৰে সন্মানীয় চাকৰি আজি নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে ৰমন চাইনী।

ৰমন চাইনীৰ সাফল্য আৰু জীৱন সংগ্ৰামে আজি অনুপ্ৰাণিত কৰিছে আন বহুতকো।

প্ৰতিভাৰে যেন আন এটা নাম ৰমন চাইনী। মাত্ৰ ১৬ বছৰ বয়সত তেওঁ এইমছৰ দৰে কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

image 86

এইমছৰ চিকিৎসা পৰীক্ষাত উত্তীৰ্ণ হৈ ৰমনে ২১ বছৰত চিকিৎসকৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছতে তেওঁ এইমছৰ এনডিডিটিচিত কাম কৰিবলৈ আৰম্ভ কৰে।

এটা সাক্ষাৎকাৰত ৰমন চাইনীয়ে কয়, ”২০১১ চনত মই কেইবাটাও চিকিৎসা শিবিৰলৈ গৈছিলো, য’ত পৰিস্থিতি দেখি মই উপলব্ধি কৰিছিলো যে দৰিদ্ৰতা কিমান বিপজ্জনক। সেই সময়ত মানুহ স্বাস্থ্য, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পানীৰ সমস্যাৰ বিষয়ে সচেতন নাছিল। সেই সময়ত মই অনুভৱ কৰিছিলো যে মই চিকিৎসা বৃত্তিত থাকি এই সমস্যাবোৰ সমাধান কৰিব নোৱাৰো, গতিকে মই অসামৰিক সেৱাত যোগদান কৰাৰ সিদ্ধান্ত লৈছিলো। ৬ মাহৰ পিছতহে চাকৰি এৰি তাৰ পিছত দেশৰ আটাইতকৈ কঠিন পৰীক্ষা UPSCৰ বাবে প্ৰস্তুতি আৰম্ভ কৰোঁ।’

এইমছৰ দৰে ডাঙৰ হস্পিতালৰ চিকিৎসক হৈও ৰমনে ত্যাগ কৰে সেই সন্মানীয় চাকৰি।

image 87

তাৰ পিছতে ইউ পি এছ চিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি এবছৰ কষ্টৰ অন্তত আই এ এছ পৰীক্ষাত উত্তীৰ্ণ হয়। ২২ বছৰ বয়সত ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈ আই এ এছ বিষয়া হয় ৰমন চাইনী।

অৱশ্যে ইয়াতো তেওঁ ৰৈ থাকিব বিচৰা নাছিল। আই এ এছ বিষয়া হোৱাৰ পিছত ৰমন চাইনীৰ মনত বাৰে বাৰে শিক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছিল।

তেওঁ বুজি পাইছিল যে আচল সমস্যা আমাৰ শিক্ষা ব্যৱস্থাত নিহিত হৈ আছে। তেওঁ তাৰ অন্ত পেলাব বিচাৰিছিল। যাৰ বাবে দেশৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈ আই এ এছৰ পদ পোৱাৰ পিছতো তেওঁ পুনৰ এই চাকৰিৰ পৰাও পদত্যাগ কৰে।

তেওঁ ১ বছৰ ৮ মাহ সহকাৰী সংগ্ৰাহক হিচাপে কাম কৰি অৱশেষত ত্যাগ কৰে আইএএছ বিষয়াৰ জীৱন।

image 88

ৰমন চাইনীয়ে শিক্ষাৰ বাবে কাম কৰিব বিচাৰিছিল। গতিকে চৰকাৰী চাকৰিৰ পৰাও পদত্যাগ কৰি তাৰ পিছত তেওঁ দুই বন্ধু গৌৰৱ মুঞ্জল আৰু হেমেশ সিঙৰ সৈতে আৰম্ভ কৰে এটা নতুন ষ্টাৰ্টআপৰ।

ৰমন চাইনীয়ে বেংগালুৰুত আৰম্ভ কৰিছিল Unacademy ষ্টাৰ্টআপ। তেওঁ এই ষ্টাৰ্টআপ Unacademy আৰম্ভ কৰিছিল ছাত্ৰ-ছাত্ৰীসকলক UPSC কোচিংৰ বাবে এটা প্লেটফৰ্ম দিবলৈ।

ৰমনৰ উদ্দেশ্য আছিল যে মানুহে কোচিঙৰ বাবে লাখ লাখ টকা খৰচ কৰাৰ প্ৰয়োজন নাই।

image 89

কেইবছৰমানৰ ভিতৰতে তেওঁ আনএকাডেমীক ১৫০০০ কোটি টকাৰ কোম্পানী কৰি তুলিলে। কোম্পানীটোৱে বাৰ্ষিক ১৫০০০ কোটি টকাৰ ব্যৱসায় অতিক্ৰম কৰিছে।

ইউ পি এছ চিৰ প্ৰস্তুতিৰ বাবে যি মঞ্চ আৰম্ভ কৰিছিল, ক্ৰমান্বয়ে ইয়াক চিকিৎসা, অভিযান্ত্ৰিক আৰু বিদ্যালয় শিক্ষালৈ সম্প্ৰসাৰিত কৰে ৰমন চাইনীয়ে।

ৰমন কেতিয়াও টকাৰ লোভী নাছিল। য’ত গৌৰৱ মুঞ্জলে আনএকাডেমীৰ চিইঅ’ হিচাপে ১.৫৮ কোটি দৰমহা লয়। আৰু হেমেশ সিঙৰ দৰমহা ১.১৯ কোটি টকা। এই সকলোবোৰ তাতকৈ বহু কম। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২২ চনত ৰমনৰ দৰমহা আছিল ৮৮ লাখ টকা।