নিউজ ডেস্কঃ ২৬ এপ্ৰিলত জালুকবাৰীৰ সুধাকণ্ঠ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত সংঘটিত হৈছিল সেই শোকাবহ ঘটনা।
পৰিয়ালৰ সৈতে ফুৰিবলৈ গৈ সমাধিক্ষেত্ৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটিবলগীয়া হৈছিল এজন ছাত্ৰই।
পাণ্ডুৰ নিৱাসী সেই ছাত্ৰজনৰ নাম আছিল শুভম ৰয়।
১৬ বছৰীয়া কিশোৰজনে এইবাৰ অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।
শুভমৰ মৃত্যুৰ প্ৰায় এমাহ পিছত আজি ঘোষণা কৰা হৈছে মেট্ৰিক পৰীক্ষাৰ ফলাফল।
কিন্তু আজি পৰীক্ষাৰ খবৰ জানিবলৈ ইহ জগতত নাই শুভম।
সেয়ে পৰীক্ষাত পুত্ৰৰ সফলতা অৰ্জনৰ পিছতো আজি কান্দোনত ভাগি পৰিছে ছাত্ৰজনৰ পিতৃ-মাতৃ।
উল্লেখ্য যে, আজি ঘোষিত মেট্ৰিকৰ ফলাফলত মুঠ ৫৩ শতাংশ নম্বৰসহ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে শুভম।