ক্ৰীড়াবিদৰ পৰা ক’ব্ৰা কমাণ্ডো; সাহসৰ এক নতুন ইতিহাস ৰচনা ‘লেডী সিংঘম’ ঊষা কিৰণৰ

নিউজ ডেস্কঃ কৰ্তব্যৰ খাতিৰত বন্দুক হাতত তুলি লোৱাৰ বহুত আগৰে পৰাই দেশপ্ৰেমৰ কাহিনী শুনি ডাঙৰ হৈছিল তেওঁ। গুৰুগ্ৰামৰ এটা চি আৰ পি এফ পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ সন্তান ঊষা কিৰণে পৰিয়ালৰ পৰম্পৰা ৰক্ষা কৰি খোজ দিছে এক অতি কঠিন যুদ্ধক্ষেত্ৰত। ককা আৰু দেউতাকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বি এছ চি কেমিষ্ট্ৰীৰ ডিগ্ৰী লোৱাৰ পাছত ২০১৪ চনত ইউ পি এছ চিৰ চি এ পি এফ পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ দেশৰ অন্যতম শক্তিশালী সুৰক্ষা বাহিনীত যোগদান কৰে।

image 5
ক্ৰীড়াবিদৰ পৰা ক’ব্ৰা কমাণ্ডো; সাহসৰ এক নতুন ইতিহাস ৰচনা 'লেডী সিংঘম' ঊষা কিৰণৰ 4

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ট্ৰিপল জাম্প এথলীট হোৱাৰ বাবে অনুশাসন আৰু ধৈৰ্য্য ইতিমধ্যে তেওঁৰ জীৱনৰ অংগ হৈ পৰিছিল। কিন্তু তেওঁৰ আচল অগ্নিপৰীক্ষা আৰম্ভ হৈছিল তেতিয়া, যেতিয়া তেওঁ নিজাববীয়াকৈ দেশৰ আটাইতকৈ বিপদজনক নক্সাল অধ্যুষিত অঞ্চল চত্তীশগড়ৰ বস্তাৰক কৰ্মক্ষেত্ৰ হিচাপে বাছি লয়। তাত তেওঁ জংঘল যুদ্ধৰ বাবে প্ৰশিক্ষিত চি আৰ পি এফৰ উচ্চস্তৰীয় গোট ক’ব্ৰা বাহিনীত অন্তৰ্ভুক্ত হয়।

image 3
ক্ৰীড়াবিদৰ পৰা ক’ব্ৰা কমাণ্ডো; সাহসৰ এক নতুন ইতিহাস ৰচনা 'লেডী সিংঘম' ঊষা কিৰণৰ 5

এই কমাণ্ডো বাহিনীৰ প্ৰথম আৰু কনিষ্ঠতম মহিলা বিষয়া হিচাপে ঊষাই কেৱল পুৰুষ কমাণ্ডো থকা গোট এটাক নেতৃত্ব দি নিজৰ দক্ষতাৰ প্ৰমাণ দিবলগীয়া হৈছিল। যুদ্ধক্ষেত্ৰৰ শাৰীৰিক আৰু মানসিক চাপ নেওচি তেওঁ প্ৰদৰ্শন কৰা সাহস আৰু নেতৃত্বই তেওঁক জনপ্ৰিয় কৰি তুলিছে। তেওঁৰ এই অদম্য সাহসিকতাৰ বাবেই তেওঁ লাভ কৰিছে এক বিশেষ উপাধি- ‘লেডী সিংঘম’।

image 4
ক্ৰীড়াবিদৰ পৰা ক’ব্ৰা কমাণ্ডো; সাহসৰ এক নতুন ইতিহাস ৰচনা 'লেডী সিংঘম' ঊষা কিৰণৰ 6

কেৱল সামৰিক অভিযানেই নহয়, বস্তাৰৰ আদিবাসী মহিলাসকলৰ সৈতে বিশ্বাসৰ সম্পৰ্ক গঢ়ি তোলাতো ঊষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নিৰাপত্তা অভিযানৰ সময়ত এগৰাকী মহিলা বিষয়াক কাষত পাই স্থানীয় জনজাতীয় মহিলাসকলে নিজকে অধিক সুৰক্ষিত অনুভৱ কৰে। এগৰাকী খেলুৱৈৰ পৰা ক’ব্ৰা কমাণ্ডোলৈকে ঊষা কিৰণৰ এই যাত্ৰাই প্ৰমাণ কৰিছে যে দৃঢ় ইচ্ছাশক্তি থাকিলে নাৰীয়ে যিকোনো প্ৰত্যাহ্বান নেওচি সমাজৰ সকলো পুৰণি ধাৰণা সলাই পেলাব পাৰে।

Leave a Comment