মৰ্মান্তিক! অভাৰটেক কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত আৰক্ষীৰ বাহন, উপ-পৰিদৰ্শক আৰু চালকৰ মৃত্যু

নিউজ ডেস্কঃ আৰক্ষীৰ চোৰাংচোৱা সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈ উভতি অহাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাই অকাল মৃত্যু মাতি আনিলে এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক আৰু তেওঁৰ বাহন চালকলৈ।

মঙলবাৰে তেলেংগানাৰ মুলুগু জিলাৰ ইতুৰনগৰ জেডিকাল ভাগুত সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত নিহত আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকীক বি ইন্দিৰাইয়া আৰু তেওঁৰ বাহন চালকজনক চি ৰাজু বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, বি ইন্দিৰাইয়া এতুনৰগাম থানাৰ উপ-পৰিদৰ্শক হিচাপে কৰ্তব্যৰত আছিল।

বাতৰি অনুসৰি, মঙলবাৰে তেওঁ ভেংকটাপুৰমত মুলুগু আৰক্ষীৰ চোৰাংচোৱা সম্পৰ্কীয় এক বৈঠকত অংশ লৈ উভতি অহাৰ সময়ত এখন বাহনক অভাৰটেক কৰিবলৈ চেষ্টা কৰাৰ সময়তে তেওঁলোকৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়।

এই দুৰ্ঘটনাত উপ-পৰিদৰ্শক বি ইন্দিৰাইয়া আৰু বাহন চালকজনে মূৰত আঘাত পোৱাত দুয়োৰে থিতাতে মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনাত আন এগৰাকী কনিষ্টবলো আহত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।