নিউজ ডেস্কঃ বিহুৰ উছাহৰ মাজতে এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল তিনিজনৰ।
শুকুৰবাৰে ধেমাজিৰ পানীতোলাত সংঘটিত হয় এই দুৰ্ঘটনাত।
দুৰ্ঘটনাত নিহতৰ সংখ্যা তিনি জনলৈ বৃদ্ধি।
উল্লেখ্য যে, শুকুৰবাৰে এখন চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হৈছিল কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী আৰু এগৰাকী দন্ত চিকিৎসক।
নিহত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকী আছিল চৈয়দা ৰিজৱানা য়াচমিন।
তেওঁ কটন বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। ছাত্ৰীগৰাকীৰ ঘৰ যোৰহাটত।
আনহাতে দুৰ্ঘটনাত নিহত হৈছিল দন্ত চিকিৎসক চৈয়দ মাজদি মাহম্মদিও।
দুঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS03H 8425 আৰু ট্ৰাকখনৰ নম্বৰ AS25CC 1853।
ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন এজনক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে চৈয়দ আৰিজ চিষ্টী নামৰ লোকজনৰো।
এই ভয়ংকৰ দুৰ্ঘটনাটোৱে শোকৰ বন্যা নমাইছে সমগ্ৰ ধেমাজি জিলাত।