চাঞ্চল্যকৰ! ৰে’লপথত উদ্ধাৰ বৃহৎ সৌৰ কেলেংকাৰী গোচৰৰ তদন্তকাৰী দলৰ অংশ অৱসৰপ্ৰাপ্ত উপ-আৰক্ষী অধীক্ষকৰ মৃতদেহ…

নিউজ ডেস্কঃ ৰে’লপথত এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

শনিবাৰে পুৱা কেৰালাৰ আলাপ্পুজাৰ কায়ামকুলামৰ ৰামাপুৰমৰ ৰেলৱে লেভেল ক্ৰছত উদ্ধাৰ হয় আৰক্ষী বিষয়াগৰাকীৰ মৃতদেহ।

নিহত আৰক্ষী বিষয়াগৰাকী অৱসৰপ্ৰাপ্ত উপ-আৰক্ষী অধীক্ষক কে হৰিকৃষ্ণন বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, কেৰালাৰ বৃহৎ সৌৰ কেলেংকাৰী গোচৰৰ তদন্তকাৰী দলৰ অংশ আছিল অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী।

ইফালে ৰে’লপথৰ দাঁতিত ৰখাই থোৱা তেওঁৰ বাহনৰ পৰা লাভ আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন টোকা। অৱশ্যে এই টোকা সন্দৰ্ভত এতিয়াও কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰাথমিক তদন্তত ৰে’লৰ খুন্দাত আৰক্ষী বিষয়া কে হৰিকৃষ্ণৰ মৃত্যু ঘটাৰ সন্দেহ কৰিছে যদিও বিভিন্নজনে এই মৃত্যুক লৈ ৰহস্যও ব্যক্ত কৰিছে।

জানিব পৰা মতে, সৌৰ কেলেংকাৰী গোচৰৰ তদন্তৰ পিছৰে পৰা একাধিক হত্যাৰ ভাবুকি লাভ কৰিছিল প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে।

পেৰাম্বাভূৰত উপ আৰক্ষী অধীক্ষক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি থকা সময়তে সৌৰ কেলেংকাৰী গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁ সৰিতা এছ নাইৰসহ কেইবাজনকো গ্ৰেপ্তাৰ কৰিছিল।