নিউজ ডেস্কঃ সুদীৰ্ঘ দুটা দশকৰ পিছত পুনৰ সনাতনী হ’ল প্ৰাক্তন পাৰিষদ ৰাণী বেগম। ২১ বছৰ পূৰ্বে বিবাহ সূত্ৰে গ্ৰহণ কৰা ইছলাম ধৰ্ম ত্যাগ কৰি পুনৰ হিন্দু ধৰ্মক আঁকোৱালি ললে ৰাণীয়ে। ইয়াৰ লগে লগে ৰাণী বেগম পুনৰ হৈ পৰিল শীলা যাদৱ। মধ্যপ্ৰদেশৰ ছত্তৰপুৰৰ চহৰৰ আনগড় টৌৰিয়াত সাধু-সন্তৰ উপস্থিতিত আৰু হনুমান জীক সাক্ষী মানি ধৰ্মীয় বিধিৰে তেওঁৰ এই শুদ্ধিকৰণ সম্পন্ন হয়।
উল্লেখ্য যে, ঈশানগৰ থানাৰ অন্তৰ্গত কুৰ্ৰা গাঁৱৰ নিবাসী শীলা যাদৱে ১৯৯৫ চনত ছাবিৰ কাজী নামৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। প্ৰায় ২১ বছৰ ধৰি বৈবাহিক জীৱন অতিবাহিত কৰাৰ পিছত পৰম্পৰা আৰু জীৱনশৈলীৰ সৈতে খাপ খুৱাব নোৱাৰি ২০১৮ চনত তেওঁ বিবাহ বিচ্ছেদ কৰে। তেতিয়াৰে পৰা তেওঁ নিজৰ মূল ধৰ্মলৈ ঘূৰি অহাৰ মন মেলিছিল। ৰাণী বেগম ছত্তৰপুৰৰ ১১নং ৱাৰ্ডৰ প্ৰাক্তন পাৰিষদ।

নিজৰ এই সিদ্ধান্তৰ সন্দৰ্ভত শীলা যাদৱে কয় যে ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ হিন্দু ৰাষ্ট্ৰ অভিযান আৰু ঘৰ ৱাপচিৰ আদৰ্শই তেওঁক বিশেষভাৱে প্ৰভাৱিত কৰিছে। ইফালে পণ্ডিত সৌৰভ তিৱাৰীয়ে জানিবলৈ দিয়া মতে, সম্পূৰ্ণ ধৰ্মীয় বিধি আৰু শুদ্ধিকৰণ প্ৰক্ৰিয়াৰ মাজেৰে তেওঁক পুনৰ হিন্দু ধৰ্মত দীক্ষিত কৰা হৈছে। এই বিশেষ অনুষ্ঠানত জানৰায় টৌৰিয়াৰ মহন্ত ভগৱান দাস শৃংগাৰী আৰু আনগড় টৌৰিয়া মহন্ত মহাবীৰ দাসকে ধৰি বহুসংখ্যক ধৰ্মীয় লোক উপস্থিত থাকে।
ধৰ্মীয় পৰিৱৰ্তনৰ পিছত শীলা যাদৱে সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে তেওঁ কাৰোৰে হেঁচাত নহয়, বৰঞ্চ নিজৰ ইচ্ছাৰেহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সনাতন ধৰ্মই তেওঁক আত্মিক শান্তি প্ৰদান কৰে বুলি উল্লেখ কৰি তেওঁ ভৱিষ্যতে হিন্দু ধৰ্মৰ নীতি-আদৰ্শৰেই জীৱন অতিবাহিত কৰাৰ সংকল্প লয়।









