দুঃখবৰ! দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মৃ্ত্যুৰ ওচৰত পৰাভূত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ, দুদিনীয়া ৰাজ্যিক শোক ঘোষণা…

নিউজ ডেস্কঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে।

মঙলবাৰে নিশা মোহালীৰ ফৰ্টিছ হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ।

উল্লেখ্য যে, পঞ্জাৱৰ ৫ বাৰৰ মুখ্যমন্ত্ৰী বাদল যোৱা বছৰৰ জুন মাহতো গুৰুতৰভাৱে অসুস্থ হৈছিল।

গেষ্ট্ৰাইটিছ আৰু ব্ৰংকিয়ল এজমাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী কেইবা দিনো হাস্পতালত চিকিৎসাধীন হৈ থাকি পিছত সুস্থ হৈ ঘৰলৈ উভতিছিল।

শেহতীয়াকৈ শ্বাস প্ৰশ্বাসজনিত অসুবিধাত আক্ৰান্ত হোৱাক তেওঁক পুনৰ এসপ্তাহ পূৰ্বে হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰবীণ ৰাজনীতিবিদ গৰাকীৰ বিয়োগত কেন্দ্ৰীয় চৰকাৰে দুদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে।