ঘৰলৈ উভতিল ছায়ালী সাৰ্ভে; হিন্দু ধৰ্ম গ্ৰহণ কৰি পুনৰ পালে নিজৰ পৰিচয়

নিউজ ডেস্কঃ পুনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰিলে প্ৰাক্তন মিছ ইণ্ডিয়া আৰ্থ ছায়ালী সাৰ্ভেয়ে। বৈদিক নীতি-নিয়মেৰে মঙলবাৰে এক বিশেষ শুদ্ধিকৰণ অনুষ্ঠানত অংশ লৈ তেওঁ নিজৰ শিপালৈ উভতি আহে। পুনেৰ পিম্পড়ি-চিঞ্চৱাড়ৰ বাসিন্দা ছায়ালীয়ে কেইবা বছৰীয়া ধৰ্মীয় নিৰ্যাতনৰ যন্ত্ৰণাৰ অন্ত পেলাই গ্ৰহণ কৰা এই সিদ্ধান্তই এতিয়া তীব্ৰ চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে ২০১৯ চনত পৰিয়ালৰ অমতত মীৰা ভায়ান্দৰৰ ব্যৱসায়ী আতিফ টাচেৰ সৈতে প্ৰেম বিবাহত আৱদ্ধ হৈছিল ছায়ালী। বিবাহৰ পাছতে ধৰ্মান্তৰকৰণৰ বাবে তেওঁৰ ওপৰত তীব্ৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন সুন্দৰীগৰাকীয়ে। বিবাহৰ পাছত তেওঁৰ নাম আতিজা টাচে কৰা হৈছিল যদিও ধৰ্মীয় প্ৰত্যাৱৰ্তনৰ পাছত তেওঁক বৰ্তমান আদ্য সাৰ্ভে নামেৰে নামাকৰণ কৰা হৈছে।

image 18
ঘৰলৈ উভতিল ছায়ালী সাৰ্ভে; হিন্দু ধৰ্ম গ্ৰহণ কৰি পুনৰ পালে নিজৰ পৰিচয় 4

হিন্দুত্ববাদী সংগঠনসমূহৰ সহযোগত অনুষ্ঠিত এই শুদ্ধিকৰণ কাৰ্যসূচীত বৈদিক মন্ত্ৰোচ্চাৰণ আৰু হোম-যজ্ঞৰ আয়োজন কৰা হয়। বিবাহিত জীৱনৰ দুৰ্বিষহ দিনবোৰৰ কথা স্মৰণ কৰি ছায়ালীয়ে কয়, “কেৱল চাৰিটি সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে মই প্ৰায় এক দশক কাল এই সকলো নিৰ্যাতন সহ্য কৰিছিলোঁ। বিচাৰিছিলোঁ ল’ৰা-ছোৱালীকেইটাই পিতৃ-মাতৃ উভয়ৰে মৰমৰ মাজত ডাঙৰ হওক, কিন্তু পৰিস্থিতি যেতিয়া অসহনীয় হৈ পৰিল, মই আঁতৰি অহাৰ সিদ্ধান্ত ল’লোঁ।”

image 19
ঘৰলৈ উভতিল ছায়ালী সাৰ্ভে; হিন্দু ধৰ্ম গ্ৰহণ কৰি পুনৰ পালে নিজৰ পৰিচয় 5

দীৰ্ঘদিন ধৰি আৰক্ষীৰ ওচৰত অভিযোগ দিও কোনো সুফল নোপোৱা ছায়ালীয়ে অৱশেষত সামাজিক সংগঠনৰ সহায়ত এই সাহস গোটায়। তেওঁ সমাজৰ প্ৰতি আহ্বান জনাই কয় যে মানুহে নিজৰ সংস্কাৰ আৰু শিপাৰ সৈতে সদায় জড়িত হৈ থকা উচিত। আন্তঃধৰ্মীয় বিবাহ আৰু ধৰ্মান্তৰকৰণৰ দৰে সংবেদনশীল বিষয়টোক লৈ এই ঘটনাই এতিয়া সামাজিক তথা ৰাজনৈতিক মহলত নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

image 20
ঘৰলৈ উভতিল ছায়ালী সাৰ্ভে; হিন্দু ধৰ্ম গ্ৰহণ কৰি পুনৰ পালে নিজৰ পৰিচয় 6

Leave a Comment