অসম

PSO নাথাকিলে মদাহীয়ে মাৰিব বিজেপিৰ মন্ত্ৰী-বিধায়ককঃ PSO এৰা সন্দৰ্ভত ভৱেশ কলিতা…

কিয় PSO এৰিব নোৱাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই, কলে সাংবাদিকৰ আগত।

বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত কেৱল দুগাৰীক বিধায়কে নিজৰ PSO এৰাৰ কথা কোৱা বুলি সাংবাদিকে সভাপতি গৰাকীক প্ৰশ্ন কৰাত তেখেতে নিজৰ মন্তব্য দাঙি ধৰে।

সভাপতিগৰাকীয়ে কয়, মুখ্যমন্ত্ৰীয়ে সকলো বিধায়কেই PSO এৰিব লাগিবই বুলি কোৱা নাই। ই সম্পূৰ্ণ নিজা সিদ্ধান্ত। কোনোৱে নিজে বিচাৰিলেহে এৰিব পাৰে।

তেওঁ কয়- এগৰাকী বিধায়ক হিচাপে বহু ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখিন হয়। কেতিয়াবা নিশাৰ ভাগতো ৰাজপথেৰে যাব লগা হয়। তেনে ক্ষেত্ৰত কোনৱে যদি বিধায়ক বুলি চিৱি নাপাই গতিয়াই দিয়ে বা চৰ মাৰি দিয়ে।

বিৰোধীয়েও জানি শুনি তেনে কাম কৰিব পাৰে নাইবা কোনোৱে নিজৰ আক্ৰোশৰ প্ৰতিশোধ লবৰ বাবেও তেনে কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয়- নিশাৰ ভাগত ৰাজপথত সুৰাপায়ী সকলেও যদি বিধায়ক এগৰাকীক চৰিয়াই দিয়ে। তেতিয়া আকৌ বিৰোধী বা সাধাৰণ জনতাই প্ৰশ্ন উত্থাপন কৰিব বিধায়কৰেই সুৰক্ষা নাই, সাধাৰণ জনতাৰ কত থাকিব বুলি।

Leave a Reply

Your email address will not be published. Required fields are marked *